• ৰাজ্যৰ ভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ : ধ্বংসস্তূপত আবদ্ধ কিছু পৰিয়াল!

    আঞ্চলিক
    ৰাজ্যৰ ভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ : ধ্বংসস্তূপত আবদ্ধ কিছু পৰিয়াল!

    গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন স্থানত ধুমুহা বতাহে তাণ্ডৱ চলোৱাৰ লগতে বৃষ্টিপাত হোৱাও দেখা গৈছে। আনহাতে কিছু কিছু স্থানত শিলাবৃষ্টিও হৈছে। তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ডিব্ৰুগড় আৰু চিলাপথাৰতো নিশা বিধ্বংসী ধুমুহা আৰু শিলাবৃষ্টিয়ে ধ্বংসলীলা চলাইছে।





    আৰু পঢ়িব পাৰিব : কৰ’নাৰ দ্ৰুত সংক্ৰমণ : শীঘ্ৰেই কঠোৰ লকডাউনৰ সম্ভাৱনা বৃদ্ধি





    ৰাজ্যৰ গ্ৰামাঞ্চলৰ বহু ঠাইত বাসগৃহসমূহৰ লগতে গছ-গছনি ভাঙি বিস্তৰ ক্ষতিসাধন কৰিছে ধুমুহাই। কেইবাটাও স্থানত বিদ্যুৎ সংযোগ বিছিন্ন হোৱাৰ খবৰো আমাৰ হাতলৈ আহিছে। কিছু কিছু অঞ্চলত পথৰ ওপৰত বৃহৎ আকাৰৰ গছ বাগৰাৰ ফলত বৰ্তমানলৈ পথ যোগাযোগ বিছিন্ন হৈ আছে।






    ইফালে, চিলাপথাৰৰ দুখন গাঁৱৰ ৰাইজে নিশা উজাগৰে পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নামনি চিচি টঙানি পঞ্চায়তৰ ভাঙি দিয়া আৰু ডিমৌ পঞ্চায়তৰ উজ্জ্বল পুৰ ডেম গাঁৱৰ শতাধিক পৰিয়ালৰ বাসগৃহ, ভঁৰাল তাচপাতৰ দৰে খহি পৰাও দেখা গৈছে। বাসগৃসমূহ ভাঙি যোৱাৰ ফলত ঘৰৰ ভিতৰত আবদ্ধ হৈছিল কিছু পৰিয়াল। আবদ্ধ হোৱা ব্যক্তিসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে।





    আৰু পঢ়িব পাৰিব : ইভিএম নিয়াক লৈ হিংসাত্মক কাৰ্য : আহত ২জন





    বৃহস্পতিবাৰে নিশা ৯বজালৈকে ঘৰৰ ভিতৰত আবদ্ধ হোৱা ৰাইজক উদ্ধাৰ কৰি নৈশ-যাপনৰো ব্যৱস্থা কৰি দিয়ে স্থানীয় সচেতন ব্যক্তিসকলে। গাঁও দুখনৰ অধিকাংশ লোকৰ ঘৰ-বাৰী সকলো একেলগে ধ্বংস হোৱাৰ ফলত নিশা অনাহাৰে পাৰকৰিবলগীয়া হয়। সেই দুৰ্ভগীয়া পৰিয়ালসকলৰ গৰু-ছাগলীৰো মৃত্যু ঘটিছে। খেতি কৰি জীৱননিৰ্বাহ কৰা দুখীয়া ৰাইজে ঘৰ-বাৰী সকলো হেৰুৱায় শোকত ভাগি পৰিছে। লোকচানৰ সন্মুখীন হোৱা পৰিয়ালসমূহৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে লক্ষ্যণীয় হ’ব!