Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
গুৱাহাটী : ৰাজ্যত সঘনাই সৃষ্টি হ'বলৈ ধৰিছে পথ দুৰ্ঘটনা৷ আজি দুলীয়াজানৰ নাওশলীয়াত পথত সংঘটিত হোৱা দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন দুলীয়াজানৰ বুদ্ধমন্দিৰ পথৰ জয় কিষাণ পানিকা বুলি জানিবপৰা গৈছে। জানিব পৰা মতে দুলীয়াজানৰ মধুবনত অৱস্থিত আত্মীয় ঘৰৰ পৰা নাওশলীয়া অভিমুখে এখন বাইকত আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ খাৱৈত পৰি দুৰ্ঘটনাত পতিত হয়।
আৰু পঢ়িব পাৰিব : মহানগৰীত মঙলবাৰে ১৮টা নতুন ক’ভিডৰ ঘটনা : ৰাজ্যত মুঠ ৫৩জন
পাছত স্থানীয় ৰাইজে জয় কিষাণক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে দুলীয়াজান অইল ইণ্ডিয়া হাস্পতাললৈ লৈ অনা হয়। অৱশ্যে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। তিনিচুকীয়াৰ মাকুম বাইপাছত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ তিনিচুকীয়াৰ পৰা অভিমুখী তীব্ৰবেগী বাহনে বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দাত মৰাত দুটুকুৰা হয় বিদ্যুতৰ খুঁটা৷ থিতাতে নিহত হয় গাড়ীখনৰ চালকজন৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই চালকজনৰ পৰিচয়৷ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নাছিল কোনো নম্বৰ প্লেট৷
আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ তথা মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ
ইপিনে আমিনগাঁৱৰ ৰে’লৱে বজাৰত পথ দুৰ্ঘটনা সংঘটিত হয়৷ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল কণ্টেইনাৰ ট্ৰেইলাৰ৷ কথমপি প্ৰাণৰক্ষা বহু লোকৰ৷ দুৰ্ঘটনাত বিস্তৰ ক্ষতি হয় ট্ৰেইলাৰখনৰ৷
Leave A Comment