North East
Digital Desk: Meghalaya Chief Minister Conrad K. Sangma on Wednesday held a video conference meeting with the President of the Indian Olympic Association (IOA) PT Usha. The officials of the Meghalaya Olympic
নতুন দিল্লীঃ ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে চতুৰ্থ টেষ্ট। অ’ভেলত অনুষ্ঠিত খেলখন প্ৰথম ইনিংছৰ পৰাই ৰোমাঞ্চকৰ হৈ পৰিছে। ইয়াৰ মাজতে ক্ৰিকেট পেনেলত প্ৰকাশ পাইছে কেইবাটাও মুখৰোচক উক্তি। ক্ৰিকেট অনুৰাগীয়েও লাভ কৰিছে বিমল আনন্দ। সম্প্ৰতি আজ্যিংকা ৰাহানে হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। প্ৰথম ইনিংছৰ প্ৰথম দিনা চেতেশ্বৰ পূজাৰা আউট হোৱাৰ লগে লগে ভাৰতৰ ত্ৰাণকৰ্তাৰূপে ২২গজৰ খেলপথাৰত বেটিং কৰিবলৈ ওলাই আহিছিল ৰবীন্দ্ৰ জাদেজা। নিৰ্ধাৰিত বেটিং ক্ৰম অনুসৰি ৫নম্বৰত ৰাহানে, ৬ নম্বৰত আছিল ঋষভ পন্ত।
কিন্তু অভেল টেষ্টৰ প্ৰথম দিনা জাদেজাৰ বেটিং অৰ্ডাৰ পঞ্চম স্থানলৈ অগ্ৰসৰ কৰাৰ বাবে আলোচনা আৰম্ভ হৈছে। কোহলী নেতৃত্বাধীন ভাৰতীয় দলটোৰ কৌশলগত পদক্ষেপক কেন্দ্ৰ কৰি এতিয়াও আলোচনা হৈ আছে। জাদেজাৰ বেটিং ক্ৰমৰ কৌশলগত পৰিবৰ্তনৰ কাৰণ জানি হতবাক ক্ৰিকেট অনুৰাগী। জানিবলৈ পোৱা মতে, ৰাহানেৰ বাবে জাদেজাই আগেয়ে বেট কৰিবলৈ আহিবলগীয়া হৈছিল। শৌচাগাৰত পলম হৈছিল ৰাহানেৰ। ট’য়লেট ব্ৰেকিঙৰ নিৰ্ধাৰিত সময়ত শৌচাগাৰৰ পৰা ওলাই অহা নাছিল ৰাহানে। ফলস্বৰূপে জাদেজাক খেলপথাৰত নামিবলৈ নিৰ্দেশ দিছিল বিৰাট কোহলীয়ে।
উল্লেখ্য যে, ৰাহানেৰ বেটিং অৰ্ডাৰ পিছুৱাই দিয়াৰ বাবে ক্ৰিকেট চক্ৰত বহুত আলোচনা হৈছিল। নাছেৰ হুছেইন, সুনীল গাভাস্কাৰ আৰু অজয় জাদেজাৰ দৰে ক্ৰিকেট বিশেষজ্ঞসকলেও সম্প্ৰচাৰক ছ’নী স্পৰ্টছ নেটৱৰ্কত সাম্ভাব্য কাৰণ সম্পৰ্কে তেওঁলোকৰ মতামত ব্যক্ত কৰিছে। আনকি গাভাস্কাৰে অজয় জাদেজাৰ বিশ্লেষণৰ সৈতে সন্মতিও প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত বাওঁ-হতীয়া আৰু সোঁ-হতীয়া কম্বিনেশ্যনৰ বাবে এই ৰণকৌশল হ’ব পাৰে বুলি একাংশই মতপোষণ কৰিছে যদিও ৰাহানেৰ ওপৰতে ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
Leave A Comment