• ৰিভেৰিয়া কাণ্ড : ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰী গুলীবিদ্ধ

    আঞ্চলিক

    গুৱাহাটী : গুৱাহাটীৰ বহু সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক-যুৱতীয়ে সেৱন কৰে নিষিদ্ধ কোকেইন। ৰিভেৰিয়া কাণ্ডৰ আৰক্ষীৰ তদন্তৰ পাছতেই উন্মোচিত হৈছে এটাৰ পাছত আনটো বিস্ফোৰক তথ্য। তাৰ মাজতেই ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰী আৰক্ষীৰ হাতত গুলীবিদ্ধ হয়৷

    লতাশিল আৰক্ষীৰ জিম্মাত আছিল অভিযুক্ত বিশাল চৌধুৰী৷ খাৰঘুলিত ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত আছিল বিশাল৷ পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ বিশালৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ জানিব পৰা মতে, দুটাকৈ গুলী লাগিছে বিশালৰ ভৰিত৷

    ইতিমধ্যেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে বিশাল চৌধুৰীক৷ কিছুদিন পূৰ্বে ক’কেইন যোগান ধৰাৰ বাবে দিল্লীত গ্ৰেপ্তাৰ হৈছিল বিশাল৷ উল্লেখ্য যে, ৰেভ পাৰ্টীৰে জড়িত ৰিলিম ৰাণা চৌধুৰী নামৰ আন এজনক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ গুৱাহাটীৰ জটিয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিলিমক৷

    Weather Forecast

    ASSAM WEATHER