• ‘অভাৰ ষ্টেপ’ৰ অভিলেখ ভংগ ভুৱনেশ্বৰৰ

    আঞ্চলিক
    ‘অভাৰ ষ্টেপ’ৰ অভিলেখ ভংগ ভুৱনেশ্বৰৰ

    নতুন দিল্লীঃ ১৯৮৩ চনৰ বিশ্বকাপ জয়ৰ পাছৰ পৰাই ভাৰতীয় ক্ৰিকেটৰ মানচিত্ৰ সলনি হ’বলৈ ধৰিছিল। সময় বাগৰাৰ লগে লগে ভাৰতীয় দলে নতুন ৰূপ পৰিগ্ৰহ কৰিছিল। মহম্মদ কাইফ, অনিল কুম্বলে, আছিশ নেহৰা, জাহিৰ খানৰ দৰে প্ৰতিভাধৰ খেলুৱৈৰ অৱসৰৰ পাছত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত বহু যুৱ খেলুৱৈয়ে আন্তঃৰ্জাতিক পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ সুবিধা পাইছিল। ইয়াৰে ভিতৰত ভুৱনেশ্বৰ কুমাৰ অন্যতম। পূৰ্বসুৰীৰ উত্তৰাধিকাৰী ভুৱনেশ্বৰৰ আকৰ্ষণীয় বলিং প্ৰদৰ্শনৰ লগতে দলৰ বিপদৰ সময়ত বেটেৰেও চমক দিবলৈ সক্ষম হৈছে তেওঁ।









    শেহতীয়াকৈ, বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পেছ বলাৰ ভুৱনেশ্বৰ কুমাৰৰ প্ৰসংগ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় ৫ বছৰৰ পাছত আন্তঃৰ্জাতিক ক্ৰিকেটত ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়ক ভুৱনেশ্বৰ কুমাৰৰ ‘নো’ বল। শ্ৰীলংকাৰ বিৰূদ্ধে দ্বিতীয় এদিনীয়াত অভিলেখ ভংগ ভুৱনেশ্বৰ কুমাৰৰ। শ্ৰীলংকাৰ ইনিংছৰ পঞ্চম অভাৰৰ প্ৰথমটো বলেৰে ভুৱনেশ্বৰে নতুন ইতিহাস ৰচিলে কলম্বোত। শ্ৰীলংকাৰ অপেনাৰ মিনোড ভানুকাৰ বিৰুদ্ধে এই ‘নো’ বল কৰিছিল ভুৱনেশ্বৰে। উল্লেখ্য যে, ২০১৫ চনৰ অক্টোবৰ মাহত ভুৱনেশ্বৰে অন্তিমতো ‘নো’ বল কৰিছিল। ইয়াৰ পাছত এতিয়ালৈকে তেওঁ ৩,০৯৩ টা ডেলীভাৰী সম্পূৰ্ণ কৰিছে। অৱশেষত অভাৰ ষ্টেপৰ ফলত সুদীৰ্ঘ সময়ৰ অন্তৰালত পুনৰ ‘নো’ বল ভুৱনেশ্বৰৰ।