• ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল'লে ৰাজীৱ কুমাৰ বৰাই...

    আঞ্চলিক
    ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল'লে ৰাজীৱ কুমাৰ বৰাই...

    গুৱাহাটী : ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে আজি শপত ল'লে ৰাজীৱ কুমাৰ বৰাই৷ ৰাজ্যপাল জগদীশ মুখীৰ উপস্থিতিত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ৰাজীৱ কুমাৰ বৰাই শপতবাক্য পাঠ কৰিলে ৰাজভৱনত৷





    আৰু পঢ়িব পাৰিব : কৃষকৰ আন্দোলনত হিংসা বিয়পোৱা অভিনেতাক গ্ৰেপ্তাৰ





    আজি অন্ত পৰিল পূৰ্বৰ অধ্যক্ষ অজন্তা নাথৰ কাৰ্যকাল৷ লোকসেৱা আয়োগক নতুন ৰূপত গঢ়াৰ সংকল্প নৱ-নিযুক্ত অধ্যক্ষগৰাকীৰ৷ পৰীক্ষাকেন্দ্ৰিক বেমেজালি দূৰ কৰাটো প্ৰথম কাম হ'ব বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে৷





    আৰু পঢ়িব পাৰিব : ক’ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল অত্যাধুনিক অস্ত্ৰ ?





    ইয়াৰ উপৰি এপিএছচিৰ সংস্কাৰত গুৰুত্ব প্ৰদান কৰিব বুলি জনায় নৱ-নিযুক্ত অধ্যক্ষ ৰাজীৱ বৰাই৷ অন্য ৰাজ্যৰ লোকসেৱা আয়োগ তথা ইউপিএছচিৰ আৰ্হিত সংস্কাৰ সাধনৰ লক্ষ্যৰে আগবাঢ়িব বুলি জনায় বৰাই৷