• ‘আমি যদি বাংলাদেশী আমাক পঠিয়াই দিয়া হওক’ ক’ত, কেনেকৈ আছে ধলপুৰত নিহত মইনুলৰ নাবালক সন্তান, বৃদ্ধ পিত

    আঞ্চলিক
    ‘আমি যদি বাংলাদেশী আমাক পঠিয়াই দিয়া হওক’ ক’ত, কেনেকৈ আছে ধলপুৰত নিহত মইনুলৰ নাবালক সন্তান, বৃদ্ধ পিত

    ডিজিটেল ডেস্ক: ধলপুৰৰ উচ্ছেদ অভিযানৰ ৰক্তক্ষয়ী পৰিণতি আৰু তাৰ পাছত সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই। বিশেষকৈ আৰক্ষীৰ সশস্ত্ৰ বাহিনীয়ে গুলী কৰাৰ পাছত দলবদ্ধভাৱে এজন লোকক লাঠীৰে আক্ৰমণ কৰাৰ ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো অতি কঠোৰ সমালোচনা কৰা হৈছে ‘অসম আৰক্ষী’ৰ ভূমিকাক। আৰক্ষীৰ নিষ্ঠুৰতাৰ বলি হোৱা প্ৰতিবাদকাৰী লোকজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ পৰিচয়ো সদৰি হৈছে। পুলিচৰ গুলী আৰু নিৰ্মম লাঠীয়ে প্ৰাণকাঢ়ি নিয়া ৩০ বছৰীয়া মইনুল হক বুলি জানিব পৰা গৈছে। তিনিটাকৈ নাবালক সন্তান, পত্নী আৰু বৃদ্ধ পিতৃ-মাতৃৰ একমাত্ৰ সহায়-সাৰথি আছিল মইনুল।





    সামান্য মাটিতে কৃষি-কৰ্মৰ জৰিয়তে জীৱননিৰ্বাহ কৰিছিল মইনুলে। সেই মাটিখিনিৰ পৰাও তেওঁক উচ্ছেদ কৰাৰ বাবে হিতাহিত জ্ঞানশূন্য হৈয়েই যেন এডাল লাঠী লৈ আৰক্ষীৰ লোকলৈ খেদি আহিছিল মইনুলে। তাৰ পাছতে তেওঁ আৰক্ষীৰ গুলীত ঢলি পৰে আৰু গুলীবিদ্ধ হোৱাৰ পাছতো তেওঁৰ ওপৰত নিৰ্মম নিৰ্যাতন চলে। লোকজনৰ বৃদ্ধ পিতৃ-মাতৃ তথা অসহায় পত্নীয়ে এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা হৈছে। উচ্ছেদিত আন শ শ লোকৰ সৈতে তেওঁলোককো ইতিমধ্যে এটা অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। মইনুল হকৰ বৃদ্ধ পিতৃয়ে উচুপি উচুপি কৈছে, ‘তেওঁলোকে মোৰ পুত্ৰক মাৰি পেলালে। আমি যদি বাংলাদেশী তেন্তে আমাক ইয়াৰপৰা আঁতৰাই পঠিওৱা হওক।’ মইনুলৰ তিনি সন্তানৰ ভিতৰত এটি ৭ বছৰীয়া ল’ৰা আৰু এজনী ৫ বছৰীয়া ছোৱালীও আছে।





    মইনুলৰ মৃতদেহ ছিপাঝাৰৰ হাস্পতালত আছে আৰু চৰকাৰে ক্ষতিপূৰণ ঘোষণা নকৰা পৰ্যন্ত তেওঁৰ মৃতদেহ চমজি লব’লৈ অস্বীকাৰ কৰিছে স্থানীয় লোকসকলে। মইনুল হকৰ লগতে আৰক্ষীৰ গুলীচালনাত আন দুজন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো আহত হৈছে। সকলো মৃত্যুৰ দৰেই এই মৃত্যু আৰু এই ৰক্তক্ষয়ী সংঘাতে পুনৰ বিভিন্নজনৰ অন্তৰত শোক-সমবেদনাৰ সৃষ্টি কৰিছে। প্ৰশ্ন উঠিছে আৰক্ষীৰ নিষ্ঠুৰতাক লৈয়ো। কিয়নো, স্পষ্টকৈ দেখা গৈছে যে, এডাল লাঠী লৈ খেদি অহা মইনুলক নিৰস্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰিব পৰাৰ সুবিধা আছিল আৰক্ষীৰ হাতত। কিন্তু প্ৰায় শূন্য দূৰত্বৰ পৰা তেওঁ গুলীয়াই ভূপতিত কৰা আৰু তাৰ পাছত গুলীবিদ্ধ লোকজনক অতি নিৰ্মম অত্যাচাৰেৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়া কাৰ্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীৰ ভূমিকাক এন ডি টিভিকে ধৰি ভালেমান সংবাদ মাধ্যমত সমালোচনা কৰা হৈছে। উত্থাপন কৰা হৈছে মানৱীয়তাৰ গভীৰ-জটিল আৰু অতি প্ৰাসংগিক প্ৰশ্নটোও।