• ‘এবাৰ কেঞ্চাৰ ৰোগ নিৰাময় হোৱাৰ পাছত আকৌ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে !’

    আঞ্চলিক
    ‘এবাৰ কেঞ্চাৰ ৰোগ নিৰাময় হোৱাৰ পাছত আকৌ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে !’

    গুৱাহাটী : আজি ‘বিশ্ব কেঞ্চাৰ দিৱস’৷ এই দিৱসৰ উপলক্ষে ‘হেলথ চিটী হাস্পতাল’ত সজাগতাৰ বাবে সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত উপস্থিত থাকে ডাঃ পংকজ ডেকা, ডাঃ বিকাশ চৌধুৰী, ডাঃ নিযু পেগু, ডাঃ কে কে নায়েক, ডাঃ ৰাহুল ৰামচীয়াৰি আৰু ডাঃ কল্পনা চৌধুৰীৰ লগতে বহুকেইগৰাকী চিকিৎসক। কেঞ্চাৰ ৰোগ প্ৰতিৰোধৰ সজাগতাৰ বাবে ‘Union for international cancer control’ ৰ আহ্বানমৰ্মে এই দিনটো পালন কৰা হয়।





    আৰু পঢ়িব পাৰিব : বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি! কবৰ খান্দি উলিয়ালে মৃত নাৱালিকাক





    ‘এবাৰ কেঞ্চাৰ ৰোগ নিৰাময় হোৱাৰ পাছত আকৌ কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।’ - এই কথা অনুষ্ঠানটোৰ জৰিয়তে জানিবলৈ দিয়ে৷ উত্তৰ-পূৰ্বাঞ্চলত কেঞ্চাৰ ৰোগীয়ে বৰ্তমান সময়ত দ্বিতীয় স্থান অধিকাৰ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত ১৫জন কেঞ্চাৰ ৰোগীৰ বিপৰীতে এজন লোক মৃত্যুমুখত পৰিছে। বিশেষকৈ মহিলাসকলৰ মাজত স্তন কেঞ্চাৰ আৰু জৰায়ু কেঞ্চাৰ অধিক হোৱা পৰিলক্ষিত হৈছে৷





    আৰু পঢ়িব পাৰিব : ‘প্ৰাগ চিনে এৱাৰ্ডছ’ত মালাইকাৰ কেতিয়াও নেদেখা ৰূপৰ আঁৰত কোন?





    উল্লেখ্য যে, নিচা জাতীয় সামগ্ৰী সুৰাপান, গুটখা, চাধা আৰু বংশগত কাৰণতো কেঞ্চাৰ ৰোগ হ'ব পাৰে। ধোঁৱাত নিৰ্মিত মাংস খোৱাৰ ফলতো কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। ৪০ৰ ঊৰ্ধ্বৰ মহিলাসকলে দুবছৰত এবাৰ আৰু ৫০ৰ ঊৰ্ধ্বৰ মহিলাসকলে প্ৰতিবছৰে মেম'গ্ৰাফী কৰিবলৈ আহ্বান জনায়।