• ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ ১১ ঘণ্টীয়া অনশন...

    আঞ্চলিক

    গুৱাহাটী : জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে৷ গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰতো অনশন কাৰ্যসূচীৰে কামৰূপ (মঃ) জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে৷

    আৰু পঢ়িব পাৰিব : ভাইৰেল ভিডিঅ’ক লৈ সংবাদমেল : বিপদত সৰভোগৰ মহাজোঁটৰ প্ৰাৰ্থী

    আছুৰ নেতৃত্বত জিলা তথা আঞ্চলিক কাৰ্যালয়ত 'কা'ৰ বিৰোধীতাৰে অনশনত অংশ লৈছে সংগঠনটোৰ নেতা কৰ্মীয়ে৷ আজি পুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ চলিব এই অনশন কাৰ্যসূচী৷

    আৰু পঢ়িব পাৰিব : নাজিৰাত ভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক মূল্যৰ সা-সম্পত্তি ভস্মীভূত

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো তিনিদিন থকা অৱস্থাতে আছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁ কয়, "আছু এতিয়া ৰাজনৈতিক দল। আছুৰ অনশনে নিৰ্বাচনত একো প্ৰভাৱ নেপেলাই।" লগতে 'কা'ৰ বিৰুদ্ধে আন্দোলন হলে আমাৰ ভোট বাঢ়ে' বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মন্তব্য কৰে৷ 

    Weather Forecast

    ASSAM WEATHER