• ‘জৱাহৰলাল নবোদয় বিদ্যালয়’ত শিক্ষকসহ ৬জন কৰ’না আক্ৰান্ত

    আঞ্চলিক
    ‘জৱাহৰলাল নবোদয় বিদ্যালয়’ত  শিক্ষকসহ ৬জন কৰ’না আক্ৰান্ত

    বিশ্বনাথঃ বিশ্বনাথৰ ‘জৱাহৰলাল নবোদয় বিদ্যালয়’ত কৰ’নাই আতংকৰ সৃষ্টি কৰিছে। শিক্ষকসহ ৬জন ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছে, ইয়াৰ ফলত তিনিদিন বিদ্যালয় বন্ধ থাকিব। জ্বৰ-কাহত ভুগি থকা লখিমপুৰৰ এজন শিক্ষকৰ দেহত মঙলবাৰে কৰ’না সংক্ৰমণৰ তথ্য পোহৰলৈ আহে।





    আৰু পঢ়িব পাৰিব : ৰাজস্থানৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ অসমৰ চাৰি যুৱতী





    লগে লগেই স্বাস্থ্য বিভাগে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুৰ লগতে আন কৰ্মচাৰীসকলৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাত শিক্ষকৰ পুত্ৰসহ আন এজন শিক্ষকৰ লগতে পত্নী আৰু দুগৰাকী কন্যা ক’ভিড পজিটিভ বুলি চিনাক্ত হৈছে।





    আৰু পঢ়িব পাৰিব : কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাত বনকৰ্মী নিহত





    ইতিমধ্যে আক্ৰান্তসকলক আছুতীয়াকৈ ৰখা হৈছে আৰু তিনিদিন বিদ্যালয়ৰ পাঠদান বন্ধ ৰাখি ছেনিটাইজেশ্যন কৰাৰ ব্যৱস্থা কৰিছে। কেইদিনমান পূৰ্বেহে বিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছিল । সৌভাগ্যৰ কথা যে ৰেপিড এণ্টিজেন টেষ্টত কোনো শিক্ষাৰ্থীৰ দেহত ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই।