• ‘সুশান্ত-ৰূপজ্যোতিক হৰুৱাবলৈ কংগ্ৰেছৰে মিত্ৰতা’ : অখিল গগৈ

    আঞ্চলিক

    গুৱাহাটী: আগন্তুক উপ-নিৰ্বাচন, লোকসভা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজৰ দলে এতিয়াৰেপৰাই আৰম্ভ কৰিছে প্ৰস্তুতি৷ আজি বিধায়ক অখিল গগৈয়ে এক সংবাদমেলযোগে এই কথা সদৰী কৰে৷ সৰ্বভাৰতীয় আঞ্চলিক দলৰে আলোচনা অব্যাহতি আছে বুলিও লগতে তেওঁ কয়৷

    উপ-নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে, এতিয়ালৈ উপ-নিৰ্বাচনক লৈ ৩খন বৈঠক অনুষ্ঠিত হৈছে৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত আলোচনা চলি আছে৷ কংগ্ৰেছ ত্যাগ কৰা ন-বিজেপি সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীক নিৰ্বাচনত হৰুৱাবলৈ কংগ্ৰেছৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু বুলিও অখিল গগৈয়ে কয়৷

    কংগ্ৰেছে অকলে মৰিয়নি আৰু থাওৰা সমষ্টিত প্ৰাৰ্থী দিলে কংগ্ৰেছেও বিজেপিকেই সমৰ্থন কৰা হ’ব বুলি কয়৷ কংগ্ৰেছে যদি ৰাইজৰ দলৰ প্ৰস্তাৱ মানি নলয় তেতিয়া কংগ্ৰেছও বিজেপিৰ বি টিম হিচাপে বুজা যাব বুলি উল্লেখ কৰে৷

    Weather Forecast