ৰাষ্ট্ৰীয়
ডুমডুমা : ডুমডুমাৰ হাঁহচ’ৰাত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত হাঁহচ’ৰা পথাৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এনটেক্স ট্ৰান্সপোৰ্টেছন প্ৰাইভেট লিমিটেড নামৰ ‘FILPKART’ৰ এটা কাৰ্যালয়ত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড।
আৰু পঢ়িব পাৰিব : ক’ভিডৰ বাবে অন্তিম সুযোগ হেৰুওৱা ইউপিএছচিৰ প্ৰাৰ্থী পুনৰ বহিব পাৰিব পৰীক্ষাত
চোৰে ‘FILPKART’ৰ এই কাৰ্যালয়টোৰ তলা ভাঙি লকাৰ লৈ যোৱাৰ লগতে কাৰ্যালয়টোত থকা CCTVৰ DVR লৈ যায়। কাৰ্যালয়টোত কৰ্মৰত যুৱকে জানিবলৈ দিয়া অনুসৰি লকাৰটোত প্ৰায় ৭ লাখ টকা আছিল।
আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ৰ কংগ্ৰেছ সভাপতিৰ দায়িত্ব এৰিলে এতোৱা মুণ্ডাই
ঘটনা সম্পৰ্কে ইতিমধ্যে ডুমডুমা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। ইফালে, ডুমডুমা আৰক্ষীয়ে ঘটনা সম্পৰ্কে অভিযান আৰম্ভ কৰিছে। ‘FILPKART’ৰ কাৰ্যালয়ৰ পৰা চোৰে লকাৰ লৈ যোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Leave A Comment