International
A Polish radio station, OFF Radio Krakow, has recently been accused of replacing real human journalists with AI presenters…
গুৱাহাটী : 'আমি নোখোৱাকৈ কাম কৰিব নোৱাৰোঁ৷ আমাক খৰি দিয়ক, আমাক ৰেচন দিয়ক'- আজি ৰাজ্যৰ চাহ বাগিচা পুনৰ উত্তাল হ’ল চাহ শ্ৰমিকৰ প্ৰতিবাদত৷ চাহ শ্ৰমিকৰ দাবী মানি নোলোৱালৈ এই প্ৰতিবাদ চলিব বুলি হুংকাৰ দিয়ে শ্ৰমিকসকলে৷ তেওঁলোকৰ দাবী মেনেজাৰৰ মইমতালি বন্ধ হ'ব লাগিব৷ ডুমডুমাৰ দৈদাম, ভেৰগাঁৱৰ ডিমাকুছি, আমগুৰি বৰছিলা,নুমলীগড়ৰ ধলাগুৰি আদি চাহ বাগিচাৰ শ্ৰমিকৰ ক্ষোভত উত্তাল হৈ পৰে সমগ্ৰ পৰিৱেশ৷
আৰু পঢ়িব পাৰিব : বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজি : আজি দিল্লীত চূড়ান্ত সিদ্ধান্ত!
জেমছ ৱাৰেন কোম্পানীৰ বৃহৎ চাহ বাগিচাখনৰ মেনেজাৰ দেৱজিৎ শইকীয়াৰ হঠকাৰী কাম-কাজ আৰু দমন নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বাগিচাখনৰ শ্ৰমিকসকল। শ্ৰমিকৰ অভিযোগ অনুসৰি বাগিচাৰ মেনেজাৰ দেৱজিৎ শইকীয়াই দমন নীতিৰে বাগিচা পৰিচালনা কৰিবলৈ গৈ চাহ শ্ৰমিকসকলক দাবী-ধমকিৰে কাম আদায় কৰাৰ লগতে শ্ৰমিকৰ প্ৰাপ্য খৰি আৰু ৰেচন দিয়া বন্ধ কৰি দিছ।
আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ আহিব মোদী ! বিজেপিৰ প্ৰস্তুতি আৰম্ভ
তদুপৰি বাগিচাৰ মহিলা শ্ৰমিকসকলক বলপূৰ্বকভাৱে প্ৰায় ২০/২৫ কিলোমিটাৰ দূৰত্বৰ অন্য এখন বাগিচাত কাম কৰিবলৈ যাবলৈ কৈছে আৰু ইয়াৰ অমান্তি হোৱা মহিলা শ্ৰমিকসকলক কামৰ পৰা বিতাড়িত কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। এনে কাম-কাজত অতীষ্ঠ হৈ বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে শ্ৰমিকসকলে। শ্ৰমিকৰ বৃদ্ধি হোৱা দৈনিক মজুৰি শ্ৰমিকক শীঘ্ৰে প্ৰদান কৰাৰ দাবী জনাই বাগিচা কৰ্তৃপক্ষক এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বাগিচা কৰ্তৃপক্ষ আৰু মেনেজাৰৰ শ্ৰমিকবিৰোধী ভূমিকাৰ তীব্ৰ প্ৰতিবাদ কৰি বাগিচাখনত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ শ্ৰমিকসকলে।
Leave A Comment