ডিজিটেল ডেস্কঃ ৰোমান্টিক আৰু আধুনিক কবিতাৰ যুগসন্ধিৰ কবি দেৱকান্ত বৰুৱা নগঞাৰ গৌৰৱ। তেওঁৰ একমাত্ৰ কবিতা পুথিখনেই তেওঁক বুজিবলৈ যথেষ্ট। কলংপাৰৰ কবি দেৱকান্ত বৰুৱাৰ ১১১ সংখ্যক ওপজা দিনত কবিতা পাঠৰ সমীক্ষক হিচাপে উপস্থিত থাকি ড° বসন্ত বৰাই আজি এইদৰে কয়।
পুৰণিগুদাম কবি সন্মিলনৰ উদ্যোগত পুৰণিগুদামৰ গড়মূৰৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধা স্বৰ্গীয় মহেন্দ্ৰ নাথ বৈৰাগীৰ চোতালত, বিশিষ্ট সাহিত্যকৰ্মী অনিল বৈৰাগীৰ আতিথ্যত আজি বিয়লি ১ বজাৰ পৰা "কবিৰ সভাত কবিতা পাঠ" নামৰ এটি অনুষ্ঠানেৰে বিয়লিটো জীপাল হৈ উঠে।
পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবিতা পাঠ কার্যসূচীত সমীক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি, আবৃত্তিকাৰ ড° বসন্ত বৰা। গল্পকাৰ শিবানন্দ কাকতিয়ে উদ্ধোধনী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰা, ৰণজিত গায়ন, মুকুতা ৰাজা, দিগন্ত ভাগৱতী, দুবৰি কাশ্যপে চিৰযুগমীয়া কেইবাটিও গীত পৰিৱেশন কৰে। বসন্ত কৌশিক ভাগৱতী, প্রাণকৃষ্ণ ডেকা, মণ্টুল শৰ্মা, গুণকান্ত শৰ্মা, নাৰায়ণ কলিতা, শংকৰ মৃদ্ধা, ৰূপেশ নায়ক, বেণু লস্কৰ, দীপিকা বৰা গায়ন, অৱন্তী দাস, বিনু বৈৰাগী, অনিল কুমাৰ শৰ্মা, নিজৰা শইকীয়া, ইমদাদ হুছেইন, মালা বৰুৱা, চাহিৰ মাল্লা, অৰূপ গোস্বামী, জ্যোতিৰ্ময় বৰুৱা, স্বপ্না দেৱী, প্ৰীতি চৌধুৰী, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, কুমাৰ বিভূতি, আশা বৰা মন, গিৰীশ চন্দ্ৰ দাস, অশোক ৰাম ভট্টাচাৰ্য, ৰিন্টু দাস, শেৱালী বৰুৱা, কিশোৰ দাস, মীনা বৰা, এম আবু হানিফা, মীনু বৰা, অনিল বৈৰাগী, মৃদুপৱন বৰা, প্রদীপ শইকীয়া, মুনীন্দ্ৰ শইকীয়া, হেৰম্ব প্ৰসাদ গোস্বামী, মধু চৌধুৰী, বিচিত্ৰ নাৰায়ণ বৰা, অম্বিকা গোহাঁই, অমিয়া গোস্বামী, সুৰজ নায়ক, জেউতি হাজৰিকা, ইবাদত হুছেইন, মাধন ভূঞা, কবিতা দাস, কবিন পাটৰ আদি কবি সকলে কবিৰ মেলত কবিতা পাঠ কৰে।
কবিৰ মেলত কবি সন্মিলনৰ উপ সভাপতি বিপুল কুমাৰ মজিন্দাৰ, সম্পাদক হিৰণ্য কুমাৰ শৰ্মা, সাহিত্য সংগঠক দুলাল বৰা, দ্বীপজ্যোতি বৰা আদি লোকসকল উপস্থিত থাকে।
Leave A Comment