ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। গাৰো গালিৰ ফৰেষ্ট গেটৰ ভাড়াঘৰৰ চৌহদত আতোৱাৰ হুছেইন (২৫ বছৰ) নামৰ এজন গভাইত চোৰ এটাক গ্ৰেপ্তাৰ কৰা হৈছে।
চোৰটোৰ পৰা এটা ৰিয়েলমি মোবাইল হেণ্ডছেট আৰু এখন চুৰি হোৱাৰ সন্দেহযুক্ত স্কুটি জব্দ কৰা হৈছে। জেৰাত আটকাধীন চোৰটোৱে স্বীকাৰ কৰে যে তেওঁ কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ পৰা কিছু সোণৰ অলংকাৰ আৰু নগদ ধন চুৰি কৰিছিল। চোৰ আতোৱাৰ হুছেইনৰ তথ্যৰ ভিত্তিত অন্য দুটা চোৰ আনোৱাৰ হুছেইন (৪৩) আৰু চেলিম উদ্দিন(৪১)ক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীসমূহ- এযোৰ সোণৰ কাণফুলি, এটা সোণৰ আঙঠি, এযোৰ সৰু সোণৰ কাণফুলি, এটা সোণৰ জোনবিৰি লকেট, দুযোৰ সোণৰ কাণৰ টপ, ৮টা সোণৰ বল, দুটা সোণৰ নাকফুলি,
তিনিওটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে।
Leave A Comment