ডিজিটেল ডেস্কঃ হাজোৰ ৰামদিয়াৰ ঐতিহাসিক পোৰাভিঠা সত্ৰত আজি লাড়ু দিয়া উৎসৱ। এইবেলি লাড়ু দিয়া উৎসৱত ভক্তক বিতৰণ কৰা হল ৮ লাখ লাড়ু।
পোৰাভিঠা সত্ৰৰ প্ৰাংগণত হাজাৰ হাজাৰ ভক্তৰ সমাগম। আজিৰ দিনটোত জনসমূদ্ৰত পৰিণত হৈছে ৰামদিয়াৰ পোৰাভিঠা সত্ৰ। যুগ যুগ ধৰি চলি আহিছে এই ঐতিহাসিক লাড়ু দিয়া উৎসৱ। কেইবাশ বছৰ পূৰ্বে মানৰ আক্ৰমণ চলিছিল এই সত্ৰখনত। মানৰ আক্ৰমণত পুৰি ছাঁই হৈছিল সত্ৰ খন। তেতিয়াৰে পৰা এই ঐতিহাসিক সত্ৰ খনৰ নাম দিয়া হয় পোৰাভিঠা সত্ৰ। প্ৰতিবছৰে দামোদৰ দেৱৰ তিৰোভাব তিথিৰ লগত সংগতি ৰাখি সত্ৰখনত আয়োজন কৰা হয় লাড়ু দিয়া উৎসৱ।
মুঠতে আজিৰ দিনটোত ঐতিহাসিক পোৰাভিঠা সত্ৰত এক উখল মাখল পৰিবেশ। ১৫ দিন পূৰ্বৰে পৰা সত্ৰৰ স্থানীয় লোক সকলে ২৩৭ কুইণ্টল চাউল ১৬০ কুইণ্টল মিঠৈৰে প্ৰস্তুত কৰিছে এই ৮ লাখ লাৰু।
Leave A Comment