• চাকৰি দিয়াৰ নামত ২ লাখ টকা লৈ আৰক্ষীৰ জালত পৰিল দালাল

    আঞ্চলিক
    চাকৰি দিয়াৰ নামত ২ লাখ টকা লৈ আৰক্ষীৰ জালত পৰিল দালাল
    ডিজিটেল ডেস্কঃ চাকৰি দিয়াৰ নামত ধন লৈ আৰক্ষীৰ জালত পৰিল এজন দালাল। অসম চিকিৎসা মহাবিদ্যালয়ত নিযুক্তিৰ নামত এগৰাকী মহিলাৰ পৰা ২.২০ লাখ টকা লৈ গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড়ৰ সুজিত কোঁৱৰ নামৰ দালালজন। 

    অসম চিকিৎসা মহাবিদ্যালয়ত চাকৰি দিয়াৰ নামত ডিব্ৰুগড়ৰ সুজিত কোঁৱৰে পানীতোলা বৰুৱাহোলা গাঁৱৰ ঝৰ্ণা চেতিয়াৰ পৰা ২ লাখ ২০ হাজাৰ টকা আদায় কৰিছিল। এএমচিত চাকৰি দিয়াৰ প্ৰলোভনেৰে ২০২৪ চনৰ আগষ্ট মাহৰ পৰা দালাল সুজিত কোঁৱৰে কিস্তি কিস্তিকৈ ঝৰ্ণাৰ পৰা লৈছিল ধন। 

    ইতিমধ্যে ঝৰ্ণাই সুজিতক দিয়া ধনৰ সকলো প্ৰামাণিক তথ্য মজুত কৰি ৰাখিছে। ইফালে নিযুক্তি পত্ৰ দিম বুলি কৈ কিছুদিনৰ পূৰ্বে গুৱাহাটীলৈ সুজিতে নিছিল ঝৰ্ণাক। আনহাতে গুৱাহাটীত নগদ ২০ হাজাৰ টকা সুজিতে ঝৰ্ণাৰ পৰা লৈ বাছত উঠাই ঘৰলৈ যাবলৈ দিছিল। কিন্তু সেইদিনা ঝৰ্ণাক সুজিতে কথা দিয়ামতে নিযুক্তি পত্ৰ দিয়া নাছিল। ইয়াৰ পাছতে ঘৰলৈ আহি ঝৰ্ণাই বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰাত ফোন উঠোৱা নাছিল সুজিতে। 

    অসম চিকিৎসা মহাবিদ্যালয়ৰ টেকনিচিয়ান বিভাগত কৰ্মৰত বুলি পৰিচয় দি ঝৰ্ণাৰ পৰা চাকৰি দিয়াৰ নামত সৰকাই আহিছিল বৃহৎ পৰিমাণৰ ধন। ইফালে আজি চৌকিডিঙ্গিৰ শান্তি গেছ এজেন্সি সমীপৰ এটা ভাড়াঘৰত সুজিত কোঁৱৰ নামৰ দালালটো বিচাৰি উপস্থিত হয় ভুক্তভোগী মহিলাগৰাকী আৰু পৰিয়াল। ইয়াৰ পাছতে ভাড়াঘৰটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। ঘটনা সন্দৰ্ভত মিলন নগৰ আৰক্ষী চকীত ভুক্তভোগী মহিলাগৰাকী এজাহাৰ দাখিল কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভাড়াঘৰটোত আত্মগোপন কৰি সুজিতক আটক কৰে।

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorslot777judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino onlineagen casinosabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsabung ayamsabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeusslot gacor hari inisv388agen roulette onlinesv388judi baccarat onlineslot thailand