ডিজিটেল ডেস্কঃ এক কৰুন ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিত৷ বন্ধুৰ দ্বাৰা প্ৰৱঞ্চিত হৈ এজন বন্ধু আজি ৰোগাক্ৰান্ত হৈ শৰ্য্যাগত হ'ব লগা হৈছে৷ যাৰ পৰিনতিত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী চৌগত দেৰ বিৰুদ্ধে তেওঁৰেই বন্ধু ৰাজা দাসৰ পত্নীয়ে গোচৰ তৰিছে ঢেকিয়াজুলি আৰক্ষী থানাত ৷
এসময়ত এইজন ৰাজা দাস আৰু ব্যৱসায়ী চৌগত দে আছিল নলেগলে লগা বন্ধু ৷ এখন ৰেষ্টোৰেন্ট দুয়ো বন্ধু মিলি খোলাৰ পৰিকল্পনা কৰাত ৰাজা দাসে পাঞ্জাৱ নেচনেল বেংকৰ পৰা লৈছিল ১৮ লাখ টকা ঋণ ৷ কিন্তু বন্ধু চৌগত দেই বন্ধু ৰাজা দাসক পৰবৰ্ত্তী সময়ত প্ৰৱঞ্চনা কৰাত ব্যৱসায়ৰ লাভাংশ আৰু মূল ধন ১৮ লাখ টকা ঘূৰাই নিদিয়াত বৰ্তমান মানসিক হাৰাশাস্তি পাই ৰুগীয়া হৈ শয্যাগত অৱস্থাত থকা ৰাজা দাসৰ পত্নীয়ে টকা বিচাৰি যাওঁতে চৌগত দেৰ ব্যৱসায়ীক প্ৰতিষ্ঠান UNIVERSAL BOSS নামৰ GYM আৰু ৰেষ্টুৰেন্টৰ চৌহদৰ সন্মুখভাগত শাৰিৰীক ভাৱে চৌগত দেই আক্ৰমন কৰাৰ গুৰুত্বৰ অভিযোগ উথ্বাপিত কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এই গৰাকী মহিলাই ৷
ইয়াৰ বিপৰীতে ব্যৱসায়ী চৌগত দেয়ো এই অভিযোগ সম্পূৰ্ণ নস্যাৎ কৰি বন্ধু ৰাজা দাসৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জনাইছে সংবাদ মাধ্যমক ৷
বিপৰীতে ঢেকিয়াজুলি আৰক্ষীয়ে দুয়োপক্ষৰ এজাহাৰৰ ভিত্তিত তদন্ত চলাইছে যদিও কোনো ধৰনৰ পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই ৷ প্ৰকৃত সত্য কি ? কিন্তু ১৮ লাখকৈ টকা লৈ চৌগত দেই নিজৰেই বন্ধু ৰাজা দাসক প্ৰৱঞ্চনা কৰাৰ আঁৰৰ ৰহস্য কি সেয়া এতিয়া সময়েহে নিৰূপন কৰিব ৷
Leave A Comment