ডিজিটেল ডেস্কঃ পুনৰ মানৱ সমাজক লজ্জিত কৰা এক হৃদয়বিদাৰক ঘটনা। এইবাৰ ঘটনাৰ স্থান ধলাই থানাৰ কুলিছড়া ভবানীপুৰ ৷
ধলাই থানাৰ কুলিছড়া ভবানীপুৰৰ পৰা মৰ্মান্তিক ঘটনাৰ খবৰ পোহৰলৈ আহিছে ৷ উদ্ধাৰ হৈছে কুকুৰে খাই থকা অৱস্থাত এক নবজাতকৰ দেহ। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাটো শনিবাৰৰ ৰাতিৰ । ৰাতিপুৱা গাঁওৰ ৰাস্তাৰে গৈ থাকোতে এজন পথচাৰীয়ে এটা কুকুৰক কিবা এখন ধৰি টনা-আজোৰা কৰি থকা দেখিবলৈ পায়। কৌতুহল হৈ তেওঁ কাষ চাপি গ’ল, অৱশেষত এনে এক দৃশ্য দেখি তেওঁ স্তব্ধ হৈ পৰিল৷ কুকুৰে এক নবজাতকৰ নিষ্প্ৰাণ শৰীৰৰ সৈতে টনা-আজোৰা কৰি আছিল।
কিছু সময়ৰ পিছত স্থানীয় ৰাইজ ঘটনাস্থলিত উপস্থিত হয় । ইতিমধ্য কুকুৰটোৱে শিশুটোৰ দেহৰ এক ডাঙৰ অংশ খাই পেলাইছে। স্থানীয় ৰাইজৰ অনুমান, নবজাতকটো সম্ভৱতঃ কোনো কুমাৰী মাতৃৰ সন্তান। নিজৰ অপৰাধৰ পৰা মুকলি হ’বলৈ, গৰ্ভৰ সময় পূৰ্ণ হোৱাৰ আগতেই গৰ্ভপাত কৰি নবজাতকটোক এক নিৰ্জন ঠাইত পেলাই দিয়া হৈছে। স্থানীয়সকলে এই ঘটনাৰ তীব্ৰ নিন্দা আৰু ধিক্কাৰ প্ৰকাশ কৰিছে। তেওঁলোকে দুৰ্নীতিবাজৰ পৰা দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে।
খবৰ পাই স্থানীয় আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ নবজাতকৰ দেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
Leave A Comment