ডিজিটেল ডেস্কঃ কাছাৰৰ মাছিমপুৰ আমতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত গুৰুতৰ আহত এক গৃহৰক্ষী জোৱান।
নিশা শিলচৰ কালাইন সংযোগী পথৰ মাছিমপুৰ আমতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতগতিৰ ডাম্পাৰ খুন্দাত গুৰুতৰ আহত শিলচৰ মেডিকেল কলেজৰ ICU ত জীৱন মৃত্যুৰে যুঁজি আছে এক গৃহৰক্ষী জোৱানে। গৃহৰক্ষী জোৱানজন বৰখলা চান্দপুৰৰ বাসিন্দা নজৰুল ইছলাম বুলি জানিব পৰা গৈছে।
নিশা কৰ্তব্য সমাপ্ত কৰি বাইকেৰে ঘৰত ওভতাৰ সময়ত এই ভয়ংকৰ দুৰ্ঘটনাৰ কৱলত পৰে জোৱান জন। ঘটনাৰ পাছত স্থানীয় লোক সকলে গৃহ ৰক্ষী জোৱান জনক গুৰুতৰ আহত অবস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে। বৰ্তমান মেডিকেল কলেজৰ ICU সংকটজনক অবস্থাত চিকিৎসাধীন হৈ আছে গৃহৰক্ষী জোৱান জন।
Leave A Comment