ডিজিটেল ডেস্কঃ আৰক্ষীৰ অৱহেলাৰ পাত্ৰী হৈছে এগৰাকী দুৰ্ভগীয়া মাতৃ ৷ন্যায় বিচাৰি দিশহাৰা হৈ ঘূৰি ফুৰিছে এখন থানাৰ পৰা আন এখনলৈ ৷
দেৰগাঁৱৰ গণকপুখুৰীৰ এগৰাকী দুৰ্ভগীয়া মাতৃয়ে নিজৰ একমাত্ৰ পুত্ৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন হাতত লৈ ঘুৰি ফুৰিছে থানাই থানাই। কেতিয়াবা যদি দেৰগাঁও থানা কেতিয়াবা আকৌ গোলাঘাট থানা। যোৱা ৩ ফেব্ৰুৱাৰীত নিজৰ দুই বন্ধুৰ সৈতে গনকপুখুৰীৰ বিকাশ দাস নামৰ চৌব্বিশ বছৰীয়া যুৱকজন দুই বন্ধুৰ সৈতে গৈছিল ফৰকাটিঙলৈ।
এটা জন্মদিনৰ অনুষ্ঠানৰ পৰা উভটি আহি দুই বন্ধুৰ সৈতে ঘৰলৈ নাহি নিশা কটাইছিল। কিন্তু পুৱাৰ ভাগত পৰিয়ালটোৱে খবৰ পাই যে যুৱকজনক গোলাঘাটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ যোৱাত গম পালে যুৱকজনৰ ইতিমধ্যেই মৃত্যু ঘটিছিল ।যথেষ্ট খৰতকীয়াকৈ দিয়া হৈছিল মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন য'ত উল্লেখ আছিল এয়া এক স্বাভাৱিক মৃত্যু।
পৰিয়ালৰ লোকে সেয়া সহজভাৱে ল'ব নোৱাৰি ঘটনাৰ সঠিক তদন্ত বিচাৰি গোচৰ তৰে গোলাঘাট থানাত। গোলাঘাট থানাই পুনৰ পৰিয়ালটোক পঠিয়াই দিয়ে দেৰগাঁও থানালৈ।কিন্তু মুঠেও আগবঢ়া নাছিল তদন্ত প্ৰক্ৰিয়া। যাৰ ফলশ্ৰুতিত এতিয়া ন্যায় বিচাৰি একমাত্ৰ মৃত পুত্ৰৰ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ গোলাঘাট আৰু দেৰগাঁও থানালৈ ঘূৰি থাকিবলগীয়া হৈছে দুৰ্ভগীয়া মাতৃয়ে। মাতৃয়ে বিচাৰিছে সঠিক তদন্ত হওক আৰু উদ্ধাৰ হওক পুত্ৰৰ মৃত্যুৰ প্ৰকৃত কাৰণ।
Leave A Comment