ডিজিটেল ডেস্কঃ
বিলাসী বাহন ক্ৰয় কৰাৰ অফাৰ হিচাপে এগৰাকী মহিলাক নৈশ-যাপনৰ প্ৰস্তাৱ আগবঢ়ালে এগৰাকী জ্যেষ্ঠ চিকিৎসকে। অভিযোগ যুৱতীৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক লিথিংগা লোথাৰৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। চিকিৎসকগৰাকীয়ে ডিব্ৰুগড়ৰ বিমল অট’ নামৰ গাড়ী ডিলাৰৰ পৰা এখন বিলাসী বাহন ক্ৰয় কৰিছিল বৃহস্পতিবাৰে। বাহন ক্ৰয় কৰাৰ সময়ত ডিলাৰৰ এগৰাকী মহিলা কৰ্মচাৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ জ্যেষ্ঠ চিকিৎসকগৰাকীৰ বিৰুদ্ধে।
বাহনখনৰ লগত অফাৰ হিচাপে অতিৰিক্ত কি কি পোৱা যাব বুলি সোধাৰ লগতে অফাৰ হিচাপে চেলছত থকা মহিলাগৰাকীক এৰাতি তেওঁৰ লগত কটাবলৈ কৈছিল চিকিৎসকজনে। ডিলাৰৰ আন কেইবাজনো কৰ্মচাৰীৰ উপস্থিতিতেই এই অশ্লীল প্ৰস্তাৱ দিছিল চিকিৎসকগৰাকীয়ে। আৰু ইয়াৰ পাছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ইতিমধ্যেই চিকিৎসকগৰাকীক বিমল অট’ এজেন্সীৰ ডিলাৰৰ পৰা ওভতাই দিয়া হৈছে চেক। এই ঘটনাৰ সংক্ৰান্তত ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চাপিছে। ডিব্ৰুগড় সদৰত আৰক্ষীয়ে ৫১৭/২২ নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। জানিব পৰামতে এইগৰাকী কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে প্ৰতি গোচৰ ৰুজু কৰিছে চিকিৎসক লিথিংগা লোথায়ে। অৱশ্যে সংবাদ মাধ্যমৰ আগত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই চিকিৎসকগৰাকীয়ে।
Leave A Comment