ডিজিটেল ডেস্কঃ ওদালগুৰিৰ ৰৌতাৰ ফাঁকিদিয়া গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড। বাইকৰ চাবিৰে হানি-খুঁচি হত্যা এজন কিশোৰক | সামান্য কাজিয়াৰ পিছদিনা পোতক তুলিবলৈ গৈ বাইকৰ চাবিৰে হানি-খুঁচি হত্যা |
ঘটনা অনুসৰি, ৰৌতাৰ ফাঁকিদিয়া গাঁৱৰ দুজন কিশোৰ ক্ৰমে মৃত প্ৰণৱ বিশ্বাস(১৭) আৰু অভিযুক্ত বিকাশ দে'(১৬) যোৱা ২৯ মাৰ্চত গাঁৱৰ ফুটবল খেলক লৈ কিবা কথাত দুই বন্ধুৰ মাজত হৈছিল সামান্য বাক-বিতণ্ডা | পিছদিনা ৩০ মাৰ্চত সেই সামান্য ঘটনাৰে পোতক তুলিবলৈ গৈ অভিযুক্ত বিকাশ দে' নিজৰ দেউতাকৰ বাইকৰ চাবিৰে প্ৰণৱৰ মুৰত হানি-খুঁচি আক্ৰমণ চলায় |
ঘটনাৰ পাছতেই মুমূর্ষ অৱস্থাত প্ৰণৱক লৈ যোৱা হৈছিল তেজপুৰস্থিত টাইমছ হাস্পতালত | পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত ৩১ মাৰ্চত GMCH লৈ গৈ থকা অৱস্থাত আদবাটতেই মৃত্যু হয় প্ৰণৱ বিশ্বাসৰ(১৭) | মৃত প্ৰণৱৰ বাসগৃহত মৃতদেহ লৈ অহা অৱস্থাত বিৰাজ কৰে শোকাকুল পৰিৱেশৰ | ইতিমধ্যে অভিযুক্ত বিকাশ দে'(১৬) ক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে ৰৌতা আৰক্ষীয়ে |
এনে লোমহৰ্ষক ঘটনাৰ পাছতেই এতিয়া অভিযুক্ত বিকাশ দে'ৰ পিতৃ জীৱন দে'কো গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে | ১৮ বছৰ নোহোৱা লৰা এটাক নিজৰ বাইকখন কি কাৰণে চলাবলৈ এৰি দিছিল পিতৃয়ে? প্রশ্ন ৰাইজৰ| ১৮ বছৰ সম্পূর্ণ নোহোৱা নিজৰ পুত্রক পিতৃয়ে বাইক এৰি দিয়াৰ পাছতেই সেই বাইকৰ চাবিৰে হানি-খুঁচি হত্যা কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ |
Leave A Comment