ডিজিটেল ডেস্কঃ মহানগৰীৰ নাৰেংগীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নাৰেংগীৰ কেন্দুগুৰি বুদ্ধ মন্দিৰৰ সমীপৰ সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড ।
অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰ বাসগৃহ আৰু সমগ্ৰ সা-সম্পত্তি সম্পূৰ্ণভাবে ভস্মিভূত হয়। কিপেন্দ্ৰ দাস নামৰ লোক জনৰ ঘৰ জ্বলি-পুৰি ছাই হয়। জানিব পৰা মতে খিতেন্দ্ৰ দাসৰ ঘৰৰ পিছফালৰ জংঘলত কোনো দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰিছিল। বতাহ মাৰি থকা বাবে সেই জুই সম্প্ৰসাৰিত হৈ কিপেন্দ্ৰ দাসৰ ঘৰত প্ৰৱেশ কৰে ।নিমিষতে জুইয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাত দুটাকৈ গেছ চিলিন্দাৰ বিস্ফোৰণ হয়। যাৰ ফলত ঘৰৰ সকলো সা সামগ্ৰীও ভষ্মিভুত হয়।
ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও পাহাৰীয়া অঞ্চলৰ বাবে সেই স্থানলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন যাব পৰা নাছিল।
পিছত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে খোজ কাঢ়ি ঘটনাষ্ঠলিত উপস্থিত হয় কিন্তু স্থানীয় ৰাইজে জুই নুমোৱাবলৈ সক্ষম হয়।
স্থানীয় ৰাইজৰ তৎপৰতাৰ বাবে ওচৰৰ বহু কেইটা বাসগৃহ জুইৰ পৰা কথমপী ৰক্ষা পৰে।এই ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত হুৱা দুৱাৰ সৃষ্টি হয়।
Leave A Comment