ডিজিটেল ডেস্কঃ লাহদৈগড়ৰ সুদামৰা গাঁৱৰ ওচৰত আজি পুৱা চোৰাং কাঠ কঢ়িওৱা এখন গাড়ী দূৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীৰ তথ্য অনুসৰি, গাড়ীখন (নং AS04BC9688) লাহদৈগড় আৰক্ষীয়ে ৰখোৱাৰ চেষ্টা কৰিছিল, যদিও চালকে আৰক্ষীৰ নির্দেশ উপেক্ষা কৰি পলায়ন কৰে।
পলায়নৰ সময়তে গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ঠাইত দুৰ্ঘটনাগ্ৰস্ত হয়। গাড়ীখনে পথৰ কাষত থকা এগৰাকী ছাত্ৰী কথমপি মৃত্যু মুখৰ পৰা ৰক্ষা পায়।
আৰক্ষীয়ে গাড়ীখনত থকা বন বগৰী চোৰাং কাঠ জব্দ কৰাৰ লগতে বুধিন দাস আৰু মহৰম আলী নামৰ দুজন যুৱকক আটক কৰে। জব্দ কৰা কাঠখিনি মণিৰাম দাস নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে। এই ব্যক্তি জন মধ্য চাওখাট পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ পৰা ৱাৰ্ড মেম্বাৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
লাহদৈগড় আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই গাড়ীখনৰ চালকসহ সকলোকে আটক কৰি তদন্ত আৰম্ভ কৰিছে। চোৰাং কাঠ পৰিবহণৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বাবে আৰক্ষীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।
Leave A Comment