ডিজিটেল ডেস্ক: দুখন গাঁৱৰ দুই যুৱক-যুৱতীয়ে ধৰ্মীয় ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈ কঢ়িয়াই আনিলে সমন্বয়ৰ বাৰ্তা৷ কিয়নো নদুৱাৰৰ দক্ষিণ বালিজুৰিত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এখন বিবাহে ।
উল্লেখযোগ্য যে যিটো সময়ত চৰকাৰে গোৰ্খা জনগোষ্ঠীক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি কৈ আহিছে তেনে সময়তে কৃষ্ণ বৰা নামৰ যুৱকজনে গোৰ্খা জনগোষ্ঠীৰ কল্পনা নেৱাৰ নামৰ কন্যাগৰাকীৰ সৈতে সম্পূৰ্ণ সামাজিক নীতি-নিয়মেৰে বিবাহ পাশত আবদ্ধ হয় ।
বৃহত্তৰ দক্ষিণ বালিজুৰি অঞ্চলৰ বালিজুৰি ‘ক’ শাখা আৰু বালিজুৰি ‘খ’ শাখা নামৰ এই দুইখন গাঁৱৰ দুটাকৈ পৰিয়ালৰ দুই যুৱক-যুৱতীয়ে এনেদৰে সমাজৰ বাবে কঢ়িয়াই আনিলে ঐক্য- সম্প্ৰীতি আৰু সমন্বয়ৰ এক বিশেষ বাৰ্তা । প্ৰায় পাঁচ কিলোমিটাৰ পথ খোজকাঢ়ি দৰা আহিল কইনাৰ ঘৰলৈ৷ কইনা নিবলৈ দৰাৰ সৈতে অহা সকলো পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে নাচি-বাগি আহি কইনাৰ বাসগৃহৰ পদূলিত উপস্থিত হোৱা দেখি কইনাৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকসকলৰ লগতে গাঁওবাসী ৰাইজে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰেই জনালে বিপুল আদৰণি।
গাঁও দুখনৰ অসমীয়া পৰিয়ালৰ নাৰায়ণ বৰাৰ পুত্ৰ কৃষ্ণ বৰা আৰু গোৰ্খা জনগোষ্ঠীয় পৰিয়ালৰ শ্যাম নেৱাৰৰ কন্যা কল্পনা নেৱাৰ এই দুই যুৱক- যুৱতীয়ে আজি হিন্দু ধৰ্মৰ সম্পূৰ্ণ ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি হোমাগ্নিক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলা বিষয়টো বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ৰভাতলীত সকলো ৰাইজে মিলি দৰা আৰু কইনা দুয়োকে আশীৰ্বাদ দিয়া পৰিলক্ষিত হয়।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment