ডিজিটেল ডেস্কঃ চন্দ্ৰপুৰৰ একেটা পৰিয়ালৰ তিনিজন ব্যক্তি কলং নৈত সলিল সমাধি ঘটা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে পুনৰ পানীখাইতিত অঘটন ।
গুৱাহাটীৰ পানীখাইতিত ব্ৰহ্মপুত্ৰ নৈ নিখোজ এজন যুৱক । নিখোজ যুৱকজন বিৰকুচীৰ সাগৰ তিমচিনা বুলি জানিব পৰা গৈছে ।
পানীখাইতিৰ তিনিটুকুৰা সংঘটিত হৈছে এই শোকাবহ ঘটনাটো । চাৰি বন্ধুৰ লগত সন্ধিয়া পানীখাইইতিৰ তিনিটুকুৰাৰ ব্ৰহ্মপুত্ৰ নৈৰ ঘাটলৈ ফুৰিবলৈ আহিছিল । নৈ পাৰত পাৰ্টি কৰি চাৰি বন্ধু গা ধুবলৈ ব্ৰহ্মপুত্ৰ নৈৰ পানীত নামিছিল আৰু ইয়াৰে সাগৰ তিমচিনা নামৰ যুৱক জন নিখোজ হয় ।
পিছত বন্ধু কেইজনে কোনো সম্ভেদ নোপোৱাত নিশা ৮-৩০মান বজাত পানীখাইতি আৰক্ষীক খবৰ দিয়ে ।
আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু উদ্ধাৰকাৰী বাহিনীক খবৰ দিয়ে ।সন্ধানহীন যুৱকজন মহানগৰীৰ বিৰকুচিৰ সাগৰ টিমচিনা (২৭) ৷যুৱকজনৰ সন্ধানত SDRF বাহিনী পানীখাইতি আৰক্ষীয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷ বর্তমানলৈ কোনো সন্ধান পোৱা নাই যুৱকজনৰ ৷
Leave A Comment