ডিজিটেল ডেস্ক: শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতা, নিৰ্দেশক মেহতাব হুছেইনে। আজি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে ৷
একালত অসমীয়া বোলছবিত নায়ক ৰূপে অভিনয় কৰি খ্যাতি অৰ্জন কৰা মেহতাব হুছেইনে পৰৱৰ্তী সময়ত অসমীয়া ধাৰাবাহিকতো অভিনয় কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত ‘‘মিতাৰ তিতা মিঠা’’ কমেডী ছিৰিয়েলখন নিৰ্মাণ কৰি তেখেতে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল । মেহতাব হুছেইনৰ পিতৃ আছিল মুহিবুদ্দিন আহমেদ আৰু মাতৃ আছিল ছফিয়া খাতুন ।
হুছেইনে পুলক গগৈৰ দ্বাৰা পৰিচালিত আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা বোলছবি ‘খোজ’ত নায়ক হিচাপে অভিনয় কৰিছিল। তদুপৰি গুৱাহাটী দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰিত অসমৰ প্ৰথমখন খুহুতীয়া ধাৰাবাহিকৰো আঁৰত আছিল মেহতাব হুছেইন। ৭৫ বছৰ বয়সত মৃত্যু হোৱা মেহতাব হুছেইনে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, পুত্ৰ, কন্যাৰ উপৰি অন্যান্য আত্মীয় তথা বহু অনুৰাগীক ইহ সংসাৰত এৰি গৈছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment