ডিজিটেল ডেস্ক : অসমৰ চাহ উদ্যোগলৈ আহিছে আশাৰ বতৰা। আন্তর্জাতিক বজাৰত অসমৰ চাহৰ মান নিম্নগামী হোৱাত চাহ উদ্যোগক লৈ চিন্তাৰ উদ্ৰেক ঘটিছিল যদিও ২০২৪-২৫ বিত্তীয় বর্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰই সৃষ্টি কৰিছে অভিলেখ। ২০২৪-২৫ চনত প্রতি কিল'গ্রামত গড় দাম ২২৭.৭০ টকাত ১৬৯.১৩ নিযুত কিল'গ্রাম গুণগত মানৰ চাহ বিক্ৰীৰ ৰেকৰ্ড স্থাপন কৰি অসমে চাহৰ অগ্রণী কেন্দ্র হিচাপে নিজৰ স্থান সুদৃঢ় কৰিবলৈ সক্ষম হৈছে।
গুৱাহাটী চাহ নিলাম ক্রেতা সন্থাৰ সম্পাদক দীনেশ বিহানীয়ে এক বিবৃতিত কয় যে বিগত বিত্তীয় বৰ্ষত বিক্ৰী হোৱা প্ৰতি কিল'গ্রাম চাহৰ গড় দাম ১৮৩.২০ টকাৰ বিপৰীতে বিত্তীয় বর্ষটোত প্রতি কিল'গ্রামত ৪৪.৫০ টকা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। দীনেশ বিহানীয়ে উল্লেখ কৰে যে বিত্তীয় বৰ্ষৰ মুঠ বিক্ৰীৰ ব্যৱসায় প্ৰায় ৩,৮৫১ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। গুৱাহাটী চাহ - নিলাম কেন্দ্রত অভিলেখ ভংগকাৰী মূল্য হিচাপে গণ্য হৈছে। - বটলিফ ফেক্টৰীসমূহে গোটেই বছৰটো লাভজনক দাম পাইছে। এইবাৰ অসমৰ জিলাসমূহৰ ভিতৰত ধেমাজি জিলাৰ বটলিফ ফেক্টৰীৰ চাহে সৰ্বাধিক দাম লাভ কৰে। প্ৰতিযোগিতামূলক দাম প্ৰদানৰ উপৰি গুৱাহাটী চাহ নিলাম কেন্দ্র অন্যান্য নিলাম কেন্দ্ৰৰ তুলনাত চাহ বিক্ৰীৰ খৰচ কম হোৱাৰ ফলত কেন্দ্রটো বিক্রেতাসকলৰ বাবে এক পচন্দৰ মঞ্চ হৈছে।
ধাৰাবাহিকভাৱে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ভাৰতীয় চাহ উদ্যোগৰ এক মূল কেন্দ্র হিচাপে দ্রুতগতিত আত্মপ্রকাশ কৰিছে । বিহানীয়ে লগতে আলোকপাত কৰি কয় যে গুৱাহাটী চাহ নিলাম কেন্দ্রই নিলাম কেন্দ্র - ভৱনৰ ভিতৰত অৱস্থিত নিজৰ ইন-হাউছ টি লাউঞ্জৰ জৰিয়তে একক মূলৰ অসম চাহৰ প্ৰচাৰ চলাই আহিছে। উল্লেখযোগ্য যে ১৯৭০ চনত গুৱাহাটী চাহ নিলাম কেন্দ্রটো স্থাপন হৈছিল। নিলাম কেন্দ্ৰৰ জৰিয়তে চাহ উৎপাদকসকলে তেওঁলোকৰ চাহ পোনপটীয়াকৈ গ্রাহকক নিজৰ দামৰ বিক্ৰী কৰিব পাৰে যাৰ ফলত ব্ৰেণ্ডৰ দৃশ্যমানতা আৰু লাভজনকতা বৃদ্ধিত সহায় কৰে। সময়ৰ লগে লগে প্রামাণিক, উচ্চমানৰ অসমৰ চাহ ক্ৰয় কৰিব বিচৰা পৰ্যটকৰ বাবেও জনপ্রিয় কেন্দ্ৰস্থলত পৰিণত হৈছে। বিবৃতিটোত দীনেশ বিহানীয়ে আৰু কয় যে চহকী ৰঙীন আৰু সুগন্ধি চাহৰ বাবে বিশ্বজুৰি বিখ্যাত অসমৰ চাহ উদ্যোগে লাখ লাখ লোকক জীৱিকাৰ সুযোগ দি আহিছে। অসমত বছৰি প্ৰায় ৭০ কোটি কিল'গ্রাম অর্থডক্স আৰু চি টি চি চাহ উৎপাদন হয় আৰু ভাৰতৰ সামগ্রিক চাহ উৎপাদনৰ প্ৰায় আধা অংশই অসমত উৎপাদিত।
Leave A Comment