ডিজিটেল ডেস্কঃ জেষ্ঠ ভগ্নীয়ে সদৰৰ স্কুলত পঢ়িবলৈ যোৱাৰ বাবেই কনিষ্ঠ ভগ্নীক গাওঁৰ বিদ্যালয়ৰ পৰা খেদাৰ অভিযোগ ৷ কাঢ়ি ল’লে কিতাপ বহী৷
‘এই মানুহ জনৰ ছোৱালী জনী জহন্নামে যাব৷’ এগৰাকী শিক্ষয়ত্ৰীয়ে নিজ ছাত্ৰীক সাংবাদিকৰ সন্মুখত শাওপাত দিছে এই দৰে৷কিন্তু কি কাৰনে সংঘটিত হৈছে ঘটনা ৷ঘটনাৰ কাৰন শুনিলে আপোনাৰো চকু কপালত উঠিব৷
হয়, এইখন মাজুলীৰ শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়৷ এই খন বিদ্যালয়তে সংঘটিত দৈছে এই নাভূত-নাশ্ৰুত ঘটনা৷
বিদ্যালয়ৰ নীতি অনুসৰি জোনাকী পায়েং আৰু তেওঁৰ ভগ্নী দীতি পায়েঙক শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল যদিও জোনাকীৰ বায়েক দীতিক আন এখন বিদ্যালয়ত অভিভাৱকে নাম ভৰ্তি কৰোৱাৰ কথা জানিয়ে বিদ্যালয়ৰ প্ৰধানে উলিয়াই দিয়ে ছাত্ৰী গৰাকীক ৷
বিদ্যালয় এৰি এক অন্ধকাৰ দিশৰ সৈতে সন্মূখীন হোৱাৰ পিছত ভাগি পৰিছে ছাত্ৰী গৰাকী৷ ছাত্ৰী গৰাকীয়ে উচুপি উচুপি উলাই আহিল বিদ্যালয়ৰ পৰা ৷
ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিনু বৰায়ে অভিভাৱক আৰু ছাত্ৰী গৰাকীৰ অভিযোগ খণ্ডণ কৰি অভিভাৱকেহে ছাত্ৰী গৰাকীক বিদ্যালয়ৰ পৰা উলিয়ায় নিয়ে বুলি মন্তব্য কৰিছে৷ এই কাণ্ডই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ যি সময়ত সমগ্ৰ শিক্ষাৰ যোগেদি সকলোকে চৰকাৰে শিক্ষাৰ পোহৰ বিলাইছে৷ তেনে সময়তে এই গৰাকী শিক্ষয়ত্ৰীৰ স্বৈৰাচাৰি কাণ্ডই সকলোকে আচম্বিতে কৰি তুলিছে৷
Leave A Comment