চৰকাৰলৈ প্ৰশ্ন অজিত কুমাৰ ভূঞাৰ-
১) ৰকিবুল হুছেইনৰ দেহৰক্ষীগৰাকীক সেইদিনা নিৰ্মমভাৱে আক্রমণ কৰা হৈছে। উত্তেজিত এটা গুণ্ডাবাহিনীয়ে পুলিচ পোছাক পৰিহিত দেহৰক্ষীগৰাকীক চৰ, লাঠ, ভুকু সকলো শোধাইছে। এজন কৰ্তব্যৰত পুলিচক কৰা আক্রমণ সকলো পুলিচৰ বাবে চৰম অপমানজনক নহয়নে? এনে ঘটনা অন্য ৰাজ্যত হোৱা হ’লে কি হ’লহেঁতেন?
২) অসমৰ ৰাইজে এই ঘটনাক তীব্র নিন্দা কৰিছে। ইমানৰ পাছতো দেখা গৈছে যে অসম পুলিচে মৌনতা অৱলম্বন কৰিছে৷ শাসক দলৰ পৃষ্ঠাপোষকতা অবিহনে এনে আক্ৰমণ কেতিয়াও সম্ভৱ নহয়। আচৰিত কথা যে, চৰম এই দুৰ্ভাগ্যজনক ঘটনাটোৰ প্রতি অসম পুলিচে এতিয়ালৈকে কোনো অফিচিয়েল ষ্টেটমেন্ট দিয়া আমাৰ চকুত পৰা নাই। এসময়ত সুনাম থকা অসম পুলিচ সম্প্রতি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে, যাৰ বাবে আইনৰ শাসন এতিয়া সুদূৰপৰাহত।
৩) ৰকিবুল হুছেইনৰ দেহৰক্ষীগৰাকীৰ কাৰ্বাইন কাঢ়ি ল’ব খোজাটো সাধাৰণ ঘটনা নহয়। গুণ্ডাবাহিনীৰ ওপৰত চৰকাৰৰ আশীৰ্বাদ অবিহনে এই ভয়াৱহ কাম কেতিয়াও সম্ভৱ নহয়।
৪) অসম পুলিচৰ ওপৰমহলৰ বিষয়াসকললৈ উষ্মা প্রকাশ কৰি এটা কথা ক’ব খুজিছোঁ, মনে মনে থাকি আপোনালোকে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থত এনে ঘৃণনীয় কাৰ্যকো পৰোক্ষভাৱে সমৰ্থন জনোৱা নাইনে? এবাৰ ভালদৰে ভাবি চাওক। পুলিচৰ খাকীত গোৰ মাৰিছে। কথাটো কিমান ভয়াৱহ এবাৰ ভাবি চাওক, নহ’লে এদিন আপোনালোকৰ গাতো সেই গোৰ আহি পৰিবহি!
৫) মনত ৰখা ভাল যে অসম পুলিচৰ প্রতি ৰাইজৰ আস্থা দ্ৰুতগতিত কমি আহিছে। ইয়াৰ বাবে দায়ী কোন? এচাম উচ্চপদস্থ পুলিচ বিষয়া নহয়নে? ঘটনাটোৱে অসম পুলিচৰ অসহায় ৰূপটোকে আকৌ প্রকট কৰি তুলিলে।
Leave A Comment