ডিজিটেল ডেস্কঃ ৰাজ্যত সংঘটিত হৈছে জন্ম প্ৰমাণপত্ৰ জালিয়াতিৰ ঘটনা৷ হাইলাকান্দি জিলাত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। হাইলাকান্দিৰ স্থানীয় লালা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা একেলগে ভুৱা জন্ম প্ৰমাণপত্ৰ প্ৰস্তুত কৰি চৰকাৰী ৰেকৰ্ডত আপলোড কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই জালিয়াতিৰ লগত কেইজনমান চৰকাৰী কৰ্মচাৰী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে। ইতিমধ্যেই এই ঘটনাক কেনদ্ৰ কৰি জিলা প্ৰশাসনে তদন্ত ঘোষনা কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, চৰকাৰী পোর্টেলত বেআইনীভাৱে জন্ম প্ৰমাণপত্ৰ আপলোড কৰাৰ বাবে এক বিশেষ নথিপত্ৰ প্ৰস্তুত কৰা হৈছিল। এই নথিপত্ৰৰ জৰিয়তে কেইবাজনো সন্দেহ যুক্ত নগৰিকক ভাৰতীয় নাগৰিকতাৰ প্ৰমাণপত্ৰও দিয়া হৈছিল বুলি অভিযোগ উঠিছে।
জিলা প্ৰশাসনে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু বহুকেইগৰাকী চৰকাৰী কৰ্মচাৰীক ইতিমধ্যে জেৰা কৰা হৈছে। বিশেষকৈ স্বাস্থ্য বিভাগৰ কিছু কৰ্মচাৰীৰ সৈতে এই জালিয়াতি সন্দৰ্ভত সংযোগ থকাৰ সম্ভাৱনা প্ৰকা পাইছে।
Leave A Comment