ডিজিটেল ডেস্কঃ ৰাজ্যত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। ন ন কৌশল অৱলম্বণ কৰি চাইবাৰ অপৰাধী চক্ৰই বিভিন্ন লোকৰ পৰা ধন হৰলুকি কৰি আহিছে। এইবাৰ চাইবাৰ অপৰাধী চক্ৰই অনলাইনত নামভৰ্তি আৰু পাৰ্ট টাইম জব দিয়াৰ নামত বহু লোকক প্ৰবঞ্চনা কৰি লুটিলে বহু কোটি টকা।
ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত চাইবাৰ আৰক্ষীৰ জালত পৰিল চাইবাৰ চক্ৰৰ মূল নায়ক বেলতলাৰ বনজিৎ বৰা। উক্ত গোচৰৰ ভিত্তিত চাইবাৰ অপৰাধী বনজিৎ বৰাক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ জেৰাৰ অন্তত পোহৰলৈ আহিছে বহু ন ন তথ্য। পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত বনজিতৰ সৈতে বহি ৰাজ্যৰ চাইবাৰ চক্ৰৰ সৈতে সম্পৰ্ক আছিল। বহি ৰাজ্যৰ চাইবাৰ চক্ৰক যোগান ধৰিছিল সাধাৰণ লোকৰ বেংক একাউণ্টৰ তথ্য। আৰক্ষী তদন্তত পোহৰলৈ আহিছে এনে বহু তথ্য ধৃত বনজিত বৰাই গুৱাহাটীৰ নাৰেংগীস্থিত প্ৰাগজ্যোতিষপুৰ ইনষ্টিটিউট নামৰ এখন শিক্ষা প্ৰতিষ্ঠান খুলি বিগত বহু বছৰ ধৰি প্ৰবঞ্চনা কৰি ধন সৰকাই আহিছিল বহু লোকৰ।
ভুক্তভোগীয়ে প্ৰকাশ কৰা মতে প্ৰায় ৭০ গৰাকী লোকৰ পৰা বাংগালোৰত জি এন এম নাৰ্ছিংত নাম ভৰ্তি দিয়াৰ নামত আৰু আন কাৰোবাক উপাৰ্জন দিয়াৰ নামত প্ৰতিজনৰ পৰা প্ৰায় ডেৰ লাখ টকাৰ পৰা দুই লাখ টকা লৈ প্ৰায় দুই কোটি টকা প্ৰবঞ্চনাৰে হৰলুকি কৰিছিল ধৃত বনজিত বৰাই। সম্প্ৰতি চাইবাৰ আৰক্ষীয়ে বনজিতক গ্ৰেপ্তাৰ কৰাৰ পিছত ভুক্তভোগী সকলে নুনমাটি আৰক্ষী থানাত বনজিত বৰা বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে চাইবাৰ আৰক্ষীৰ সহযোগত ধৃত বনজিত জেৰা কৰি অধিক তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে চাইবাৰ অপৰাধী চক্ৰটোৱে ভুক্তভোগী লোকৰ পৰা প্ৰতিমাহে ঘৰত বহি লাখ লাখ টকা উপাৰ্জন কৰাৰ টোপ দিছিল। চাইবাৰ অপৰাধী চক্ৰটোৰ প্ৰলোভনত ভোল গৈ অনলাইন জবৰ বাবে পঞ্জীয়নৰ নামত কৌশলৰে বহু লোকৰ পৰা বৃহৎ ধনৰাশি হৰলুকি কৰিছিল।
Leave A Comment