ডিজিটেল ডেস্ক : অন্য বছৰৰ দৰে এইবাৰো বেলতলা বিহু উদযাপন সমিতিয়ে অনুষ্ঠিত কৰিছে পাটমাদৈ প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা ৷এইবাৰ তিনিদিনিয়া কাৰ্যসূচীৰে ২৪,২৫ আৰু ২৬ এপ্ৰিলত উদযাপন কৰা হব ৪৮ সংখ্যক বেলতলা বহাগী উৎসৱ ৷
প্ৰথম নিশা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে সংগীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু প্ৰাঞ্জিত হালৈয়ে ৷ দ্বিতীয় নিশা সংগীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা আৰু ৰূপালী কাশ্যপে৷ লগতে থাকিব ১০ গৰাকী জ্যেষ্ঠ বৰেণ্য শিল্পীৰ সংগীতানুষ্ঠান ৷
২৬ এপ্ৰিলত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান৷ পাটমাদৈ বঁটা,হুঁচৰি,ঢুলীয়া,পেপুৱৈ বিজয়ী সকলক অন্তিম নিশা প্ৰদান কৰা হব বঁটা সমূহ ৷ উল্লেখ্য যে বেলতলা বিহু মঞ্চত কেৱল জুবিন গাৰ্গেহে হিন্দী গীত গাব পাৰিব বুলি মন্তব্য উদযাপন সমিতিৰ৷
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ এইবাৰ ২০২৫ বৰ্ষৰ বেলতলা বিহু সমিতিৰ সৰ্বোচ্চ সন্মান ড॰ ভূপেন হাজৰিকা বঁটা ৷ ২৫ এপ্ৰিলত জুবিন গাৰ্গক বিহু উদযাপন সমিতিয়ে প্ৰদান কৰিব এই বঁটা ৷ শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰিব ড॰ ভূপেন হাজৰিকাৰ ভগ্নী কবিতা বৰুৱাই ৷
এই বঁটাত থাকিব ২লাখ টকা, স্মাৰক আৰু আলোৱান ৷ বেলতলা বিহুৰ আন এক সন্মানজনক বঁটা পাটমাদৈ বঁটা ৷
Leave A Comment