ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত এতিয়া আই পি এলৰ জোৱাৰ। একেদৰে গুৱাহাটীতো আৰম্ভ হৈছে আই পি এলৰ উন্মাদনা । পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰো অসম ক্ৰিকেট সন্থাই ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ দুখনকৈ মেচ আয়োজনৰ কৰ্তৃত্ব লাভ কৰিছে ।
অহা ২৬ আৰু ৩০ মাৰ্চ গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এলৰ দুখনকৈ হাইভল্টেজ মেচ । এইবাৰ প্ৰথম তিনিখন মেচৰ বাবে ৰাজস্থানৰ অধিনায়কৰ দায়িত্বত আছে ৰিয়ান পৰাগ ।
২৬ মাৰ্চত বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে যুঁজত নামিব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ। আনহাতে ৩০ মাৰ্চত ৰাজস্থান ৰয়েলছ বিৰুদ্ধে যুঁজত নামিব চেন্নাই ছুপাৰ কিংছ । যাৰ বাবে এতিয়া অসম ক্ৰিকেট সন্থাই সম্পূৰ্ণ সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টডিয়াম । লগতে সাজু হৈছে অসম আৰক্ষীয়ো। ইতিমধ্যে অসম আৰক্ষী আৰু অসম ক্ৰিকেট সন্থাই এক যুটীয়া সংবাদমেল সম্বোধন কৰি যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা প্ৰদান কৰিছে।
নিৰ্দেশনা অনুসৰি খেলৰকেইদিন দিনৰ ২ বজাৰ পৰা মাজনিশা ১ বজালৈ জি এছ ৰোড, বি কে কাকতি ৰোড, এ টি ৰোড, এ কে আজাদ ৰোড, ডঃ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, এফ এ ৰোড, এম জি ৰোড, আৰ কে চি ৰোড, বিৰুবাৰী-জি এম চি এইচ ৰোড, কাহিলিপাৰা পথত সকলো বাণিজ্যিক বাহন চলাচলত বাধা আৰোপ কৰা হ'ব। এ কে আজাদ ৰোড ৱান ৱে' হ’ব । বিয়লি ৪-৩০ বজাৰ পৰা লালগণেশৰ পৰা বৰ্ষাপাৰালৈ পাছ থকা বাহনহে আহিব পাৰিব । বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰালৈ যোৱা পথত বাহন চলাচল বন্ধ থাকিব । দৰ্শকে মনীবেগ, মোবাইলৰ বাহিৰে একো সামগ্ৰী ষ্টেডিয়ামলৈ নিব নোৱাৰিব । এইবাৰ ১১টাকৈ পাৰ্কিঙৰ ব্যৱস্থা থাকিব । ৬খন গে'টেৰে দৰ্শকে ষ্টেডিয়ামত প্ৰবেশ কৰিব । ষ্টেডিয়ামৰ গে'ট বিয়লি ৪-৩০ বজাত খুলি দিয়া হ'ব।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment