ডিজিটেল ডেস্কঃ এডভান্টেজ আছাম ২.০ত জাপান আৰু ছিংগাপুৰৰ সৈতে তিনিখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি সম্পাদন কৰা হ'ব। এই চুক্তি অনুসৰি জাপানে অসমৰ ৫০ত হাজাৰ লোকক সেই দেশত নিযুক্তি দিয়াৰ লগতে জাপানৰ অধ্যাপকে শিক্ষাদান কৰিবলৈ অসমলৈ আহিব। আনহাতে, ছিংগাপুৰেও অসমৰ নাৰ্ছৰ্ক নিযুক্তি দিবলৈ আগ্রহ প্রকাশ কৰিছে।
শনিবাৰে সংবাদমেলযোগে অসমৰ নিৱনুৱাৰ বাবে এই সু-খবৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। এডভান্টেজ আছাম ২.০-ৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া এই বিনিয়োগ সন্মিলনত জাপানৰ সৈতে দুখন বুজাবুজিৰ চুক্তি সম্পাদন কৰা হ'ব।
মুখ্যমন্ত্রীগৰাকীয়ে কয় যে জাপানে অসমৰ লোকক নিযুক্তি দিবলৈ ইচ্ছা প্রকাশ কৰিছে। জাপানে অসমৰ ৫০ হাজাৰ লোকক দেশখনত নিযুক্তি দিব। আনখন চুক্তি অনুসৰি তেওঁলোকৰ অধ্যাপকে অসমৰ যুৱক-যুৱতীক প্রশিক্ষণ দিব। অসমৰ বিশ্ববিদ্যালয়সমূহত জাপানী ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জাপানৰ শিক্ষকে অসমলৈ আহি জাপানী ভাষাৰ শিক্ষা প্রদান কৰিব। অসমলৈ ২০গৰাকীতকৈ অধিক জাপানৰ অধ্যাপক আহিব এই কামৰ বাবে।
৯ মাহৰ এটা বিশেষ প্রশিক্ষণ শিবিৰত যিসকলে প্রশিক্ষণ গ্রহণ কৰিব তেওঁলোকৰ প্রতিজনে অতি কমেও ৫০ হাজাৰ টকা দৰমহা লাভ কৰিব। প্রশিক্ষণ লৈ যদি কোনোবাই জাপানলৈ চাকৰি কৰিবলৈ যাব নিবিচাৰে তেন্তে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানত কাম কৰাৰ সুযোগ পাব। কিন্তু তেওঁলোকে জাপানলৈ গ'লে তাত ৩ লাখ টকা পর্যন্ত দৰমহা লাভ কৰিব বুলিও তেওঁ প্রকাশ কৰে।
(উৎসঃ দৈনিক জনমভূমি)
Leave A Comment