ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে ডিমৌৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য ৷ ১৪ মাৰ্চৰ পৰা সন্ধানহীন হৈ থকা বীণা কোঁৱৰ বলি হৈছিল হত্যাৰ ৷
স্বামী বসন্ত দিহিঙীয়াই নৃসংশভাৱে হত্যা কৰি নৈত পেলাই দিছিল মৃতদেহ ৷ বীণা কোঁৱৰ সন্ধানহীন হোৱাকলৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল শিৱসাগৰৰ ডিমৌত ৷
ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শ শ ৰাইজ ৷ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল স্বামী মুন ওৰফে বসন্ত দিহিঙীয়াক ৷ আৰক্ষীৰ জেৰাত পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে স্বামীয়ে ৷ পত্নীক হত্যা কৰি নৈ মৃতদেহ পেলাই দিয়াৰ কথা ক’লে আৰক্ষীয়ে জেৰাত ৷
ঘাতক স্বামী বসন্তৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে নৈ মৃতদেহ বিচাৰি চলাইছে অভিযান ৷ শীঘ্ৰেই বীণা কোঁৱৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ আৰক্ষীক সময়সীমা বান্ধি দিলে ৰাইজে ৷
Leave A Comment