ডিজিটেল ডেস্কঃ অসমৰ সৰ্ববৃহৎ শিশু অনুষ্ঠান 'সদৌ অসম মইনা পাৰিজাত'। শিশু সকলৰ কল্যাণ আৰু হিতৰ উদ্দেশ্য আগত ৰাখি শিশু সকলৰ সৰ্বাত্মক দিশত উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত “সদৌ অসম মইনা পাৰিজাতে “ উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।
আজি মাজুলী কমলাবাৰীৰ শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰ শঙ্কৰদেৱ কৃষ্টি সংঘ প্রেক্ষাগৃহত সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বর্ষ উপলক্ষে মাজুলী জিলা মইনা পাৰিজাতৰ সৌজন্যত মাজুলীবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত “লোক সাংস্কৃতিক সমাৰোহ ২০২৫” শীৰ্ষক কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। স্বৰ্ণিল শৈশৱকালৰ মাদকতা উপভোগৰ মাজেৰে শিশু সকলৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্যে শিশু সকলৰ সৰ্বাত্মক দিশত উৎকৰ্ষ সাধন কৰি সুনাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মইনা পাৰিজাতে সদায়ে মনোনিৱেশ কৰি আহিছে ।
আজিৰ এই কাৰ্যসূচীত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্রৰ সত্ৰাধিকাৰ শ্রীশ্রী জনাৰ্দ্দন দেৱ গোস্বামী, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড° নিৰোদ বৰুৱা, মাননীয় বিধায়ক ভূৱন গাম ,সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক ৰাতুল বৰা আৰু মাজুলী কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা উদযাপন সমিতিৰ সভাপতি শ্রীযুত নৰেন চন্দ্ৰ ঠাকুৰীয়া সমন্বিতে জিলা আৰু সদৌ অসম মইনা পাৰিজাতৰ বিষয়ববীয়া তথা বিশিষ্ট ব্যক্তিসকল,মৰমৰ মইনা সকল উপস্থিত থাকে।
‘‘আমি পোহৰ বিচাৰি যাওঁ" এই মূলমন্ত্ৰৰে মইনা পাৰিজাতৰ অগ্ৰগামী যাত্ৰাত নৱ চিন্তা-চেতনাৰ সংযোজন হওঁক । শিশু সকলৰ মনত সৃষ্টিশীল ভাৱনা জাগ্ৰত কৰি সফল কৰি তোলাৰ বাবে মইনা পাৰিজাতৰ শাখাসমূহে বলিষ্ঠ ভূমিকা পালন কৰক ৷’’-এই শিশু সমাৰোহখন সাফল্যমণ্ডিত কৰাৰ বাবে সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিকে সদৌ অসম মইনা পাৰিজাতৰ সভাপতিগৰাকীয়ে কৃতজ্ঞতা আৰু ধন্যবাদ জনায় ৷
Leave A Comment