ডিজিটেল ডেস্কঃ চৌদিশে এতিয়া ব'হাগৰ বতৰ। বিহুৰ বতৰত আত্মীয় তথা প্ৰিয়জনলৈ বুলি উপহাৰ হিচাপে গামোচাখনৰ সমান্তৰালকৈ জাপিৰো আছে সমানেই আদৰ। সেয়েহে অসমীয়া সংস্কৃতিত জাপিৰো আছে অনন্য মাত্ৰা। জাপি সাধাৰণতে বাঁহ, বেত, গছৰ পাত আদিৰে সজাই ইয়াৰ ওপৰত ৰং-বিৰঙৰ কাপোৰেৰে সজোৱা হয়।
ৰঙালী বিহুৰ সময়ছোৱাত প্ৰতিখন বজাৰৰ লগতে মেলাসমূহত ৰং-বিৰঙৰ জাপিৰে ভৰি পৰিছে। বিহু উপলক্ষে বিভিন্নজনে ক্ৰয় কৰিছে জাপি। আকৃতিৰ ওপৰত ভিত্তি কৰি প্ৰতিটো জাপি ২০০-২,০০০ টকালৈকে ব্যৱসায়ীয়ে বিক্ৰী কৰা পৰিলক্ষিত হৈছে। মহানগৰৰ অধিকাংশ বিহু সমিতিয়েই যথেষ্ট সংখ্যক জাপি ক্ৰয় কৰিবলগীয়া হয়।
একাংশ লোকে ঘৰত সজাবৰ বাবেও জাপি ক্রয় কৰে। উল্লেখযোগ্য যে বিহুৰ বতৰত প্ৰতিবছৰেই সৰ্থেবাৰীৰ পৰা ৰাজ্যৰ বজাৰলৈ যথেষ্ট পৰিমাণৰ জাপি আহে। বিহুৰ বতৰত একমাত্র জাপি বিক্ৰী কৰিয়েই একাংশ লোকে লাখ-লাখ টকা উপার্জন কৰি আহিছে।
বাঁহৰ জাপিৰ লগতে কাঁহ-পিতলৰ শৰাই আৰু জাপিও বিহুৰ সময়ত সমাদৰ বাঢ়ে। কাঁহ-পিতলৰ শৰাই আৰু জাপিৰ দাম পূৰ্বতকৈ বৃদ্ধি পাইছে যদিও চাহিদা হ্রাস পোৱা নাই।
উৎস- দৈনিক জনমভূমি
Leave A Comment