• ২০২৩-২৪ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটিল অভিলেখ সংখ্যক ৩.২৭ লাখ পৰ্যটকৰ

    আঞ্চলিক
    ২০২৩-২৪ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটিল অভিলেখ সংখ্যক ৩.২৭ লাখ পৰ্যটকৰ
    ডিজিটেল ডেস্কঃ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত অঞ্চল’ (কেএনপিটিআৰ)লৈ এই বছৰ বিপুল সংখ্যক পৰ্যটকৰ আগমণ ঘটা দেখা গৈছে। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ, সমৃদ্ধ জৈৱ বৈচিত্ৰ্য, আৰু এশিঙীয়া গঁড়ৰ দৰে জীৱ-জন্তুৰ ৰম্যভূমি ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান’ সকলো শ্ৰেণীৰ পৰ্যটক তথা বন্যপ্ৰাণীপ্ৰেমীসকলৰ বাবে এক শীৰ্ষ পচন্দৰ গন্তব্যস্থান হিচাপে পৰিগণিত হৈ আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ আৰম্ভণিৰ পৰা এই পৰ্যন্ত কোনো এটা বছৰত আগমণ ঘটা দৰ্শনাৰ্থীৰ সংখ্যাৰ হিচাপেৰে এইবেলি সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে কাজিৰঙা ভ্ৰমণ কৰিছে।


     ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত ক্ষেত্ৰ’লৈ ২০২৩-২৪ বৰ্ষত ভাৰতীয় পৰ্যটক আহিছে ৩,১৩,৫৭৪ গৰাকী, বিদেশী পৰ্যটক আহিছে ১৩,৯১৯ গৰাকী আৰু মুঠ ৰাজহ সংগ্ৰহ হৈছে ৮,৮১,৮৪,১৬১ টকা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত ক্ষেত্ৰত ৩টা প্ৰশাসনিক সংমণ্ডল আছে যেনে- পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডল। তিনিওটা সংমণ্ডলৰ পৰ্যটন-সম্ভাৱনীয়তা এই সময়ছোৱাত  বৃদ্ধি পাইছে, যি কথাই অ-পৰম্পৰাগত পৰ্যটন ক্ষেত্ৰসমূহৰ জনপ্ৰিয়তাকে সূচিত কৰিছে বুলি বহুতে মন্তব্য কৰিছে। 


    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত ক্ষেত্ৰৰ অধীনত যোৱা ২ বছৰত সংমণ্ডল-অনুসৰি পৰ্যটনৰ তথ্য এনেধৰণৰ- পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল ২০২২-২৩, ২০২৩-২৪ বৰ্ষত  দৰ্শনাৰ্থীৰ সংখ্যা হৈছে ক্ৰমে  ৩,১০,৪৫৮ গৰাকী আৰু  ৩,২০,৯৬১ গৰাকী। এই দুয়োটা বিত্তীয় বৰ্ষত সংগৃহীত ৰাজহৰ পৰিমাণ হৈছে ক্ৰমে ৮,১৫,৭৯,৮৫৩ টকা আৰু ৮,৫৯,৪৮,৩৫১ টকা। নগাঁও বন্যপ্ৰাণী সংমণ্ডলত সেই একেই সময়ছোৱাত দৰ্শনাৰ্থীৰ সংখ্যা ক্ৰমে ২,৬১০ গৰাকী আৰু ৩,৪৮৪ গৰাকী। সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে ক্ৰমে ২,৫৪,১০৫ টকা আৰু ৬,২৪,০০০ টকা। একেদৰে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত ২০২২-২৩, ২০২৩-২৪ বৰ্ষত  দৰ্শনাৰ্থীৰ সংখ্যা হৈছে ক্ৰমে ১,৭২৮ গৰাকী আৰু ৩,০৪৮ গৰাকী। সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে ক্ৰমে ১৫,৫১,৫২৫ টকা আৰু ১৬,১১,৮১০ টকা। ২০২৩ চনৰ অক্টোবৰ মাহৰ মাজভাগত বাৰিষাৰ পিছত পুনৰ মুকলি হোৱা পৰ্যটন ঋতুৰ মুখ্য আকৰ্ষণসমূহ আছিল- ‘জংঘল ছাফাৰী’ আৰু ‘হাতী ছাফাৰী’ । 

    কাৰ্বি-আংলঙত চাইকেল চলোৱা পথ, পাণবাৰী বনাঞ্চল আৰু চিৰাঙৰ ‘ট্ৰেকিং পথ’ছোৱাই কাজিৰঙাৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কাজিৰঙাত একেদৰে  ‘চোৰান-আহেম’ (কাৰ্বি) আৰু ‘অজুন উকুম’ (মিচিং) আদিৰ দৰে  ৰেষ্টুৰেণ্টসমূহে জনপ্ৰিয়তা অৰ্জন কৰিছে।  আনহাতে বুঢ়াচাপৰীৰ মহিলা নেতৃত্বাধীন ৰেষ্টুৰেণ্ট ‘বিচাগ-না’ (বড়ো)য়েও পৰ্যটকক আকৰ্ষণ  কৰিছে। ডলফিন চোৱাৰ বাবে ‘নাও ছাফাৰী’ৰ অধীনত নতুন পথ আৰু পাণপুৰ তথা বুঢ়াচাপৰিত ‘জীপ আৰু চাইকেল ছাফাৰী চাৰ্কিট’ও এই বছৰ পৰা কাৰ্যকৰী কৰা হৈছে । এনেবোৰ সুবিধাই ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত ক্ষেত্ৰ’লৈ  দেশ-বিদেশৰ পৰ্যটকক হাত বাউলি মাতি আছে।