ডিজিটেল ডেস্ক : বাক্সা জিলা তথা বৰপেটা ৰোডৰ সমীপৰ শিমলাগুৰিত বাক্সা আৰক্ষীৰ অভিযান । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰেইলৰৰ পৰা জব্দ বৃহৎ পৰিমানৰ মূল্যৱান কাঠ ।
পুস্পা চিনেমাৰ কায়দাৰে কাঠসমূহ সৰবৰাহৰ সময়তে শিমলাগুৰি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে কাঠখিনি ।অভিৱন পন্থাৰে NL 01 AC 8026 নম্বৰৰ এখন বৃহৎ ট্ৰেইলাৰত চিৰাং জিলাৰ কাজলগাঁৱৰ পৰা গুৱাহাটীৰ সোনাপুৰলৈ সৰবৰাহৰ সময়তে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে কাঠসমূহ ।
ৰঙা চন্দন নহয় চেগুন কাঠ আছিল বাক্সা আৰক্ষীৰ অভিযানত জব্দ কৰা বৃহৎ পৰিমানৰ কাঠখিনি ৷ উল্লেখ্য যে, বাক্সা জিলাৰ শিমলাগুৰিত বাক্সা আৰক্ষীৰ অভিযানত দেওবাৰে জব্দ কৰা হৈছিল এখন ট্ৰেইলাৰত সৰবৰাহ কৰা বৃহৎ পৰিমানৰ কাঠৰ টুকুৰা ।
এইফালে, ঘটনাস্থলীত শালবাৰী মহকুমা দণ্ডাধীশ নিলাংকৰ দাস,শালবাৰী মহকুমা আৰক্ষী বিষয়া দেৱাশীস কায়স্থই উপস্থিত হৈ কাঠভৰ্তী ট্ৰেইলাৰখন জব্দ কৰে ।
ট্ৰেইলাৰখনত চালক উপস্থিত নথকা বাবে আৰক্ষীয়ে টলা ভাঙি উদ্ধাৰ কৰে কাঠখিনি । সম্প্ৰতি শালবাৰী বনাঞ্চলিক কাৰ্যালয়ত জব্দকৃত কাঠসহ ট্ৰেইলাৰখন ।
Leave A Comment