ডিজিটেল ডেস্কঃ আজি বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত এখন আলোচনা সভা আৰু টেবুল গ্ৰন্থমেলা অনুস্থিত শিক্ষাতত্ব বিভাগে।
বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় শিক্ষাতত্ব বিভাগৰ উদ্যোগত "শিক্ষাত চৰিত্ৰ গঠনৰ সজুঁলি হিচাপে গ্ৰন্থ" শীৰ্ষক আলোচনা সভাত শিশুবন্ধু দুলাল বৰা অন্যতম আলোচক হিচাপে উপস্থিত থাকি "আগতে নজনা বহু বিষয়ৰ শিক্ষা লাভ কৰা বুলি কোৱাৰ লগতে কিতাপ পঢ়া লোকে ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ সন্মুখত চকুত চকু থৈ সাহসেৰে প্ৰশ্ন কৰিব পাৰে সেয়ে কিতাপ পঢ়িব লাগে। শিক্ষাৰ্থীসকলে ছাত্ৰকালতে বিশ্বৰ বিখ্যাত কিতাপ পঢ়িলে জগত জিনিব পাৰিব বুলি ভাৱো বুলি কয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে আগলৈ জগত জিনিবও পাৰিব আশা কৰে।শিক্ষাৰ্থী সকলে নিজ নিজ প্ৰতিভাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বত উজ্বলাই তুলিব পাৰিব।
আলোচনা সভাত আলোচক হিচাপে উপস্থিত আছিল- ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুবক্তা শ্ৰীযুত মোহিনীমোহন ডেকা, অসমীয়া প্ৰথম (সম্ভৱত) ই মেগাজিন "নীলা চৰাই", প্ৰথম অসমীয়া শিশুৰ ই মেগাজিন "কাণখোৱা"ৰ সম্পাদক, "ৰাজপথৰ কবিতা"ৰ কাৰ্যকৰী সম্পাদক, প্ৰবন্ধ লিখক অভিনেতা পল্লৱপ্ৰাণ গোস্বামী আৰু কবি শোণিত বৰঠাকুৰ।
আলোচনা সভাৰ আৰম্ভণিতে শিক্ষাতত্ব বিভাগৰ প্ৰধান ড° ত্ৰিবেনী শইকীয়া টেবুল গ্ৰন্থমেলা মুকলি কৰে। সভাত শিক্ষাগুৰু ড° ৰূপশ্ৰী দেৱী, ড° সৌৰভ চাহা, শ্ৰীযুতা জাহ্নৱী হাজৰিকা, শ্ৰীযুত গৌৰৱ প্ৰতিম হাজৰিকা, মানস প্ৰতিম নেওঁগৰ লগতে আন বিভাগৰ শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহন কৰে।
Leave A Comment