ডিজিটেল ডেস্কঃ সলনি হ'ব মহানগৰৰ যান-বাহন আৰক্ষীৰ পোছাকৰ ৰং। বৰ্তমানৰ আকাশী নীলা চোলা আৰু পাতল নীলা পেণ্টৰ পৰিৱৰ্তে যান-বাহন আৰক্ষীয়ে পৰিধান কৰিব লাগিব পূৰ্বৰ বগা ইউনিফর্ম।
ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰা নির্দেশনা অনুসৰি ১৮ জুনৰ পৰা এই নতুন নিয়ম কার্যকৰী হ'ব।
উল্লেখযোগ্য গুৱাহাটী মহানগৰৰ যান-বাহন আৰক্ষীৰ যে পোছাক অসমৰ আন আন জিলাৰ যান-বাহন আৰক্ষীৰ দৰে বগা ৰঙৰ আছিল যদিও তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ২০১৭ চনত পোছাক বগাৰ পৰিৱৰ্তে আকাশী নীলা কৰা হৈছিল। গতিকে এতিয়া জাৰি কৰা নির্দেশনা অনুসৰি অচিৰেই মহানগৰত যান-বাহন শাখাত কৰ্তব্যৰত আৰক্ষীসকলক পুনৰ পূৰ্বৰ দৰেই বগা ৰঙৰ পোছাকত দেখিবলৈ পোৱা যাব।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment