ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা কামৰ চলেৰে গুৱাহাটীলৈ আনি হত্যা কৰিলে বন্ধুক৷ দুই বন্ধুৱে মৰিগাঁৱৰ সঞ্জীৱ নাথক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সঞ্জীৱ নাথৰ দুই বন্ধু প্ৰহ্লাদ নাথ আৰু আনন্দ দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে সঞ্জীৱৰ পৰিয়ালে৷
ঘটনাক্ৰম অনুসাৰে ১৭ জানুৱাৰীত কামৰ সন্ধানত দুই বন্ধুৱে গুৱাহাটীলৈ আনিছিল সঞ্জীৱক, উজান বজাৰৰ অমিত এজেঞ্চী নামৰ এটা চিকিউৰিটি এজেঞ্চীত সুমুৱাই দিছিল সঞ্জীৱক৷কিন্তু ১৯ জানুৱাৰীৰ নিশা পল্টন বজাৰৰ কিৰঞ্চি এপাৰ্টমেণ্টত সঞ্জীৱক প্ৰহাৰ কৰিছিল দুই বন্ধুৱে, তাৰ পৰাই সঞ্জীৱক লৈ গৈছিল বিলপাৰলৈ৷ নিশাৰ আন্ধাৰত দুই বন্ধুৰ সহযোগত এটা গুণ্ডা বাহিনীৰ দলে বেয়াকৈ প্ৰহাৰ কৰি পেলাই দিছিল সঞ্জীৱক৷
পৰিয়াৰ লোকে সদৰী কৰা অনুসৰি সঞ্জীৱে ঘটনাৰ মাজতে ঘৰলৈ ফোন কৰি বচাওক বচাওক বুলি পৰিয়ালক আহ্বান কৰিছিল আৰু ঘটনাৰ নিশাই পৰিয়ালৰ লোক গুৱাহাটীত উপস্থিত হৈছিল যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল সঞ্জীৱৰ৷পৰিয়ালৰ লোকে সঞ্জীৱৰ দুই বন্ধুৰ পৰাও কোনো সহায় পোৱা নাছিল৷
২০ জানুৱাৰীত পল্টন বজাৰ থানাত সঞ্জীৱ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ঘটনাৰ প্ৰায় ৫দিন পিছত জিএমচিএইচত সঞ্জীৱ ভৰ্তি হৈ থকাৰ তথ্য লাভ কৰিছিল পৰিয়ালৰ লোকে৷ অতি সংকটজনক অৱস্থাত চিকিৎসা চলিছিল সঞ্জীৱৰ কিন্তু বৃহস্পতিবাৰৰ নিশা মৃত্যুক আঁকোৱালি লয় সঞ্জীৱ নাথে৷
ইফালে সঞ্জীৱক মাৰ ধৰ কৰাৰ কথা প্ৰকাশ কৰিলেই প্ৰহ্লাদৰ পৰা হত্যাৰ ভাবুকি পৰিয়ালৰ লোকক৷ সঞ্জীৱৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই মৰিগাঁওৰ বাসগৃহত মৃত্যু হয় সঞ্জীৱৰ বৰদেউতাকৰ৷ দোষীক কঠোৰ শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ৷
Leave A Comment