ডিজিটেল ডেস্কঃ সন্দেহযুক্ত নাগৰিকৰ অত্যাচাৰত জন্মস্থান এৰিছে মৰিগাঁৱৰ জাগীৰোডৰ ঝাৰগাঁৱৰ ৰাইজে ৷ শান্তিৰে থাকিম বুলি সঁজা সপোনৰ ঘৰখন এৰি পলায়ন কৰিছে গাঁওবাসীয়ে, কাৰণ অন্ধকাৰ নামিলেই অসুৰক্ষিত তেওঁলোক ৷
মাটি-ভেটি এৰি জীৱন ৰক্ষা কৰি স্থানীয় ৰাইজে এৰিছে জন্মস্থান ৷ অস্তিত্বৰ সংকটত ভুগিছে মৰিগাঁৱৰ জাগীৰোডৰ কেইবাখনো গাঁৱৰ ৰাইজ ৷
চৰাঞ্চলৰ পৰা আহি নিতৌ নিশা হ’লেই অত্যাচাৰ চলাই সন্দেহযুক্ত নাগৰিকে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,
সন্দেহযুক্ত নাগৰিকৰ উপদ্ৰৱ সহিব নোৱাৰি ঘৰ এৰি পলায়ন কৰিছে গাঁওখনৰ অধিকাংশ লোকেই ৷ জাগীৰোড সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁও, বুৰাবৰী, মায়ং আদি বিভিন্ন অঞ্চলত এনেদৰেই সন্দেহযুক্ত নাগৰিকে সন্ত্ৰাস চলোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে ৷
Leave A Comment