ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ মৰঙিত এতিয়া বন্যহস্তী নহয় বান্দৰৰ উপদ্ৰৱ ।বান্দৰৰ উপদ্ৰৱত এখন বিদ্যালয়ত কৰিব নোৱাৰা পাঠ দান।বান্দৰে ভাঙি লণ্ড ভণ্ড কৰিছে ১নং ফুলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ৰ আচবাব।
গোলাঘাট জিলাৰ মৰঙি মৌজাত বন্যহস্তীৰ উপদ্ৰৱৰ মাজতে এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি বান্দৰৰ উপদ্ৰৱ। মৰঙিৰ ১ নং ফুলবাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ত বান্দৰৰ উপদ্ৰৱৰ বাবে এতিয়া শিক্ষক সকলে কৰিব নোৱাৰা হৈছে পাঠদান।জাক জাক বান্দৰ আহি টিঙত জঁপিয়াই, চিলিং ভাঙি লণ্ড ভণ্ড কৰে। এফালে বন্যহস্তী আনফালে বান্দৰৰ উপদ্ৰৱত উপায়বিহীন হৈ পৰিছে শিক্ষকসকল ৷ পাঠদান চলি থকা সময়তো বান্দৰৰ উপদ্ৰৱ আৰু বাকী সময়তো বান্দৰৰ বাবে বাসস্থান হৈ পৰিছে বিদ্যালয়খন ।যাৰ বাবে ছাত্ৰ ছাত্ৰী সকলক পহৰা দি থাকিব লগীয়া হয় শিক্ষক সকলে।এতিয়া উপায় বিহীন হৈ পৰিছে শিক্ষাৰ্থীৰ লগতে শিক্ষকসকল।
Leave A Comment