ডিজিটেল ডেস্কঃ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাই অহা ৫ আৰু ৬ মে তাৰিখে ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব।এই সন্দৰ্ভত আজি ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠানৰ মুল ৰভাৰ লাইখুটা স্থাপন কৰা হয়।
দিচাম সত্ৰৰ সত্ৰাধিকাৰ বাবুল দহোতীয়াই লাইখুটা স্থাপন কৰা অনুষ্ঠানত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকক আৰম্ভ কৰি মৰাণ জনগোষ্ঠীৰ সকলো সংগঠনৰ নেতৃত্ব, ডুমডুমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন, ব্যৱসায়ি সংগঠনৰ নেতৃত্ব, সংবাদ মাধ্যমৰ লোক, বিশিষ্ট ব্যক্তি অৰ্জুন বৰুৱা, মৃগেন শইকীয়া আৰু বহু কেইগৰাকী লোক উপস্থিত থাকে।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী বহু কেইজন বিশেষ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সমিতিৰ সভাপতি মুলেন্দ্ৰ মৰাণে জানিবলৈ দিয়ে। অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে সংগঠনটোৱে।
Leave A Comment