ডিজিটেল ডেস্ক : বুৰঞ্জীত ভদ্ৰলোকৰ বাসস্থান হিচাপে পৰিচিত, সংস্কৃতিৰ বৰঘৰ নগাঁও জিলাৰ পুৰণি সদৰ পুৰণিগুদামৰ সাংবাদিক-সাহিত্যিক, শিক্ষাবিদ ফনীন্দ্ৰ নাথ গায়নদেৱৰ সপ্তাশীতিতম জন্ম দিনত তেখেতৰ চোতালত বহি অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰি শুনাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
সভাৰ আৰম্ভণীতে টেবুল গ্ৰন্থমেলা শুভৰাম্ভ কৰে কবি মুনীন্দ্ৰ শইকীয়াই। পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতাৰ পৌৰহিত্য আৰু সঞ্চালনাত অনুষ্ঠিত কবিৰ সভাখনিত অভিনেতা দুলেন্দ্ৰ নাথ গায়ন, ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃষ্ণ গোস্বামী, জনসাংস্কৃতিক পৰিষদ নগাঁও জিলা সমিতিৰ সভাপতি মৃদুপৱন বৰা, কলংপৰীয়া আলোচনা চক্ৰৰ সভাপতি প্ৰদীপ শইকীয়া, ৰঙাজিঞা কবি সন্মিলনৰ সভাপতি অশোক ৰাম ভট্টাচাৰ্য, নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, পুৰণিগুদাম ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি অনিল বৈৰাগী, চাপানালা উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰাকেশধিৰ মেধি, পুৰণিগুদাম সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি দ্বীজন্দ্ৰ মোহন শইকীয়াকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তি সকলে ফণীন্দ্ৰ নাথ গায়ন দেৱৰ দীৰ্ঘজীৱন কামনা কৰি বক্তব্য আগবঢ়াই। সভাৰ আৰম্ভনীতে সভাত উপস্থিত প্ৰতিগৰাকী কবি-সাহিত্যিককে শিশুবন্ধু দুলাল বৰাই পুৰণিগুদাম কবি সন্মিলনৰ হৈ বিহুৱানৰে ৰঙালী বিহুৰ ওলগ জনাই।
মানুহৰ হৃদয় আৰু আকাশৰ শূন্যতা পূৰ্ণ কৰা প্ৰতিগৰাকী কবিৰ প্ৰাচুৰ্যময় কবিতাৰে জিপাল কৰা সভা খনিত গীত পৰিবেশন কৰে লোক শিল্পী গোলাপ বৰা, মুকুতা ৰাজা, ৰণজিৎ গায়নে।
জীৱন সুন্দৰ কৰা কবিতা পাঠ কৰে মুনিন্দ্ৰ শইকীয়া, অনুভৱ বৰা, প্ৰীতি চৌধুৰী, পুষ্পাঞ্জলি শইকীয়া, অনিল কুমাৰ শৰ্মা, নাৰায়ণ কলিতা দিগন্ত ভাগৱতী, মঞ্জু ৰাজকুমাৰী, কবিতা বৰা, বিপুল কুমাৰ মজিন্দাৰ, প্ৰৱীন গায়ন, কিশোৰ দাস, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, কমল চন্দ্ৰ শৰ্মা, দীপান্বিতা বৈৰাগী, যুথিকা গায়ন, দিপেন শইকীয়া, চুমকি বৈৰাগী, চিন্ময় গায়ন, ৰশ্মি ৰেখা গায়ন, লীলাৱতী গায়ন, পুতুমনি গায়ন, অনু বৰুৱা, প্ৰভা গায়ন, ৰুলি বৰুৱা,পাৰ্থ গায়ন, হিমাংশু গায়নমৃন্ময় গায়নে। উক্ত সভাতে যোৰহাট সাহিত্য সভাই আয়োজন কৰা কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত শোণিত বৰঠাকুৰক উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহিত কৰে।
Leave A Comment