• শিলচৰৰ অসম বিশ্ববিদ্যালয় বন্ধৰ তালিকাত নোসোমাল ৰঙালী বিহু

    আঞ্চলিক
    শিলচৰৰ অসম বিশ্ববিদ্যালয় বন্ধৰ তালিকাত নোসোমাল ৰঙালী বিহু
    ডিজিটেল ডেস্ক : শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অসমীয়াৰ বাপতিসাহোন বহাগ বিহুত কোনো বন্ধ নাই। অসমৰ বাকী বিশ্ববিদ্যালয়সমূহত বহাগ বিহু উপলক্ষে বন্ধ ঘোষণা কৰা হৈছে যদিও এই ক্ষেত্রত ব্যতিক্রম অসম বিশ্ববিদ্যালয়। 

    অৱশ্যে ১৫ এপ্ৰিলত বহাগৰ বিহুৰ দিনটোত অশৈক্ষিক কৰ্মচাৰীসকলৰ বাবে সীমিত বন্ধ ঘোষণা কৰা হৈছে। অসম চুক্তিৰ ফচলস্বৰূপ অসম বিশ্ববিদ্যালয়ত বহাগ বিহুৰ দিনটোত কোনোধৰণৰ বন্ধ ঘোষণা নকৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন মহলত প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতেই বুধবাৰে অসম বিশ্ববিদ্যালয় কর্তৃপক্ষই এখন জাননীযোগে ১৪ এপ্ৰিলৰ দিনটোত বন্ধ ঘোষণা কৰে। কিন্তু, সেয়াও বিহুৰ বন্ধ নহয়। এই দিনটোত বি আৰ আম্বেদকাৰৰ জয়ন্তী উপলক্ষে বিশ্ববিদ্যালয় বন্ধ থাকিব বুলিহে উল্লেখ কৰা হৈছে। 

    উল্লেখযোগ্য যে বি আৰ আম্বেদকাৰৰ জয়ন্তীত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰিছে। অৱশ্যে ৰাজ্যজুৰি হোৱা তীব্র প্রতিক্ৰিয়াৰ পাছত আজি নিশা বিশ্ববিদ্যালয় কর্তৃপক্ষই ১৫ এপ্রিল দিনটো বঙালী নৱবৰ্ষৰ সৈতে সংগতি ৰাখি বহাগ বিহুৰ বন্ধ ঘোষণা কৰি এখন নতুন জাননী জাৰি কৰিছে। ইফালে অসম বিশ্ববিদ্যালয়ৰ এনে কাণ্ডক লৈ অসম জাতীয় পৰিষদে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, 'অসম চুক্তিৰ ফলত প্রতিষ্ঠা লাভ কৰা অসম বিশ্ববিদ্যালয়ত বহাগ বিহুৰ বন্ধ নথকাটো দুর্ভাগ্যজনক। জাতীয় উৎসৱ আৰু জাতীয় আৱেগ বহাগ বিহুক লৈ অসম বিশ্ববিদ্যালয়ৰ এই উদাসীনতা কেৱল বিস্ময়কৰেই নহয়, লগতে চিন্তনীয়ও। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাহক হৈ অহা অসম বিশ্ববিদ্যালয়ত বহাগ বিহুৰ বন্ধ ঘোষণা নকৰি বিশ্ববিদ্যালয় কর্তৃপক্ষই অসমীয়া জাতিৰ স্বাভিমানক আঘাত কৰিছে। 

    প্রণিধানযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত প্রকাশিত অসম বিশ্ববিদ্যালয়ৰ ২০২৫ চনৰ বার্ষিক বন্ধৰ তালিকাৰ ১ ক্রমিক নম্বৰতে মকৰ সংক্ৰান্তি আৰু পোংগলৰ সৈতে মাঘ বিহুৰ এদিনীয়া বন্ধৰ কথা উল্লেখ কৰা হৈছে যদিও এপ্রিল মাহত বহাগ বিহুৰ বাবে বন্ধ ঘোষণা কৰা হোৱা নাই। 

    এপ্রিল মাহৰ ১০ তাৰিখে আনকি মহাবীৰ জয়ন্তীৰ বন্ধ ৰখা হৈছে। ৰাজ্য চৰকাৰে সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্রতিষ্ঠানত ১৪ৰ পৰা ১৬ এপ্ৰিললৈকে বহাগ বিহুৰ বন্ধ ঘোষণা কৰিছে। সাধাৰণতে ৰাজ্যৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয় আদিয়ে ৰাজ্য চৰকাৰৰ বন্ধৰ তালিকা অনুসৰণ কৰে যদিও অসম বিশ্ববিদ্যালয়ে বহাগ বিহুক উপেক্ষা কৰিছে। জাতীয় পৰিষদৰ নেতাদ্বয়ে প্রেছ বিজ্ঞপ্তিটোত কয়- '১৪ এপ্রিলত বিশ্ববিদ্যালয়খনে আম্বেদকাৰ জয়ন্তী উপলক্ষে বন্ধ ঘোষণা কৰিছে। সেয়া ইতিমধ্যেই ঘোষিত ৰাষ্ট্ৰীয় বন্ধ। অথচ অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ নামত এটা দিনৰো বন্ধ ঘোষণাৰ প্ৰয়োজন অনুভৱ কৰা নহ'ল। অসম বিশ্ববিদ্যালয় কর্তৃপক্ষৰ এনে ধৰণৰ ৰহস্যজনক উদাসীনতাই বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় বৃদ্ধিৰ আমাৰ সকলোৰে প্ৰয়াসক দুৰ্বল কৰিব।' অসম বিশ্ববিদ্যালয় কর্তৃপক্ষক অনতিবিলম্বে ১৪ এপ্রিলত বহাগ বিহুৰ বন্ধ ঘোষণা কৰিবলৈ দাবী জনাই, ভৱিষ্যতে এনেধৰণৰ সম্প্রীতি বিঘ্নিত কৰিব পৰা সিদ্ধান্ত নল'বলৈ আহ্বান জনায় অসম জাতীয় পৰিষদে। দলটোৰ মতে- অসম বিশ্ববিদ্যালয়ত ব্রহ্মপুত্র উপত্যকাৰ পৰা গৈ অধ্যয়ন কৰা বহুসংখ্যক অসমীয়াভাষী শিক্ষার্থীও আছে। তেওঁলোকক নিজৰ জাতীয় উৎসৱ উদযাপনৰ সুযোগ দিয়াটোও বিশ্ববিদ্যালয় কর্তৃপক্ষৰ দায়িত্ব। লগতে অসমৰে জাতীয় উৎসৱৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটোৱে অসমৰ ভৌগোলিক আৰু ভাষিক সমন্বয়-সম্প্রীতিক শক্তি যোগাব। কিন্তু তাৰ বিপৰীত কাম-কাজে ভাষিক বিচ্ছিন্নতাবাদৰ সৃষ্টি কৰিব পাৰে। তাৰ বাবে সংশ্লিষ্ট সকলো দায়িত্ববাহী লোকসকল সচেতন হোৱাৰ প্রয়োজন।

    উৎসঃ দৈনিক জনমভূমি
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88wellbeing-spa.comwellbeing-spa.comwellbeing-spa.comwellbeing-spa.comrnmcenter.comrnmcenter.comshivohamshiv.comshivohamshiv.comal-marwani-qa.comab-skin.comrnmcenter.comrnmcenter.comhttps://romanwatch.vn/th/https://bitrax.app/agro/https://bitrax.app/bravo/https://bitrax.app/tele/https://duidev.com/lang/https://duidev.com/storage/https://duidev.com/vendor/https://duidev.com/resources/https://qatarsquash.comhttps://freshlooksalons.comhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://zakachai1.ruhttps://zaczee.comhttps://planejamentoestrategico.orghttps://powerhouse.qahttps://web1giay.comSlot Server ThailandLive Draw TotoSV388SBOBET88sabung ayam onlinescatter hitamcasino onlinesabung ayam onlinesbobetslot thailandlive casinosv388sbobet88slot thailandcasino onlinesv388agen bolaslot thailandsabung ayam onlinesbobetslot thailandSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINEsv388agen mix parlaylive casino onlinezeus slotsv388judi bola onlineagen live casinoscatter hitamsabung ayam onlinesv388judi bola onlinesabung ayam onlineSabung AyamSBOBET88Live CasinoSlot OnlineIndopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi Bola