ডিজিটেল ডেস্ক : বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন কার্যৰ্সচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শনিবাৰে নতুন দিল্লীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ড° হাজৰিকাৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণিৰ অনুষ্ঠানলৈ নিমন্ত্রণ জনায়।
আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়েও ৮ ছেপ্টেম্বৰত সুধাকণ্ঠৰ বছৰজোৰা জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানলৈ আহিব বুলি নিশ্চিতি দিছে।
প্রধানমন্ত্রীৰ সৈতে হোৱা এই বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়ন সম্পর্কীয় কেইবাটাও বিষয়তো আলোচনা কৰে। প্রায় আধা ঘণ্টা ধৰি হোৱা এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে ৫,৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্রকল্প আৰু দৰং চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ শিলান্যাস, অসম বায়'-ইথানল প্রকল্পৰ উদ্বোধনী কাৰ্যসূচীতো উপস্থিত থাকিবলৈ প্রধানমন্ত্রীক আমন্ত্রণ জনাইছোঁ।
উক্ত বায়'-ইথানল প্রকল্পত বার্ষিক ৪৯ কে টি পি এ ইথানল উৎপাদন হ'ব আৰু ইয়াৰ বাবে ৩০০ কে টি পি এ বাঁহ কেঁচামাল হিচাপে ব্যৱহৃত হ'ব।
আনহাতে ৮ ছেপ্টেম্বৰত অনুষ্ঠিতব্য এই গুৰুত্বপূর্ণ অনুষ্ঠানসমূহত উপস্থিত থকাৰ ক্ষেত্ৰত প্রধানমন্ত্রী মোদীয়ে সন্মতি জনাইছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে গণশিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী এই বৰ্ষৰ ৮ ছেপ্টেম্বৰত আৰম্ভ হৈ ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত সামৰণি পৰিব।
ৰাজ্যখনৰ লগতে দিল্লী, মুম্বাই, কলকাতা, অৰুণাচল প্রদেশ, মেঘালয় আদিতো অনুষ্ঠিত হ'ব শতবৰ্ষৰ কাৰ্যসূচী। আনহাতে, ২০২৬ চনৰ মার্চ-এপ্রিল মাহত অসমত অনুষ্ঠিত হ'ৰ অসম বিধানসভাৰ নিৰ্বাচন। এনে পৰিস্থিতিত নিৰ্বাচনৰ কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰীৰ অসম আগমনে অসমত যে নির্বাচনী বতাহ বলাব সেয়া সহজেই অনুমেয়।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment